ৰঙিয়াৰ ভাতকুছিত কৰুণ ঘটনা । মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ । মৃত যুৱকজন হৈছে ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ আজিজুল হক ওৰফে অজিত (৩২) । জানিব পৰামতে সোমবাৰে ৰাতিপুৱা কেইগৰাকীমান বন্ধুৰ সৈতে ভাতকুছি জানত মাছ মাৰিবলৈ গৈছিল অজিতে । জানটোত কেইটামান কণী প্ৰত্যক্ষ কৰি আনিবলৈ যোৱাৰ লগে লগে পানীৰ তীব্ৰ সোঁতে
বিশ্বনাথত আজি বিশ্বৰ সকলো ঠাইতে ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ উপৰিও বিশ্বনাথ প্ৰশাসনে অসমৰ বিশ্বনাথ জিলাতো এক কাৰ্যসূচী আয়োজন কৰে। হেৰ’ইন, গাঞ্জা আৰু মাদক দ্ৰব্যৰ জুই জ্বলাই দিয়ে বিশ্বনাথ আৰক্ষী প্ৰশাসনে । আজিৰ কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাদেব আৰক্ষীৰ উপ সভাপতি কুলেন্দ্ৰ নাথ ডেকাদেৱ
নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত ৰাইজে কৰায়ত্ব কৰিলে চোৰ। ধৃত চোৰটো ইছলামপট্টিৰ ছহিদূল ইছলাম। দীপালি কোঁৱৰ নামৰ মহিলা গৰাকীৰ ঘৰত কৰিছিল চুৰি। চুৰি কৰি পলাবলৈ লওঁতেই ৰাইজে আবদ্ধ কৰিলে চোৰ ছহিদূলক। ৰাইজে হয়বৰগাঁও আৰক্ষীক গতালে ধৃত চোৰটোক।
ড্ৰাগছ, তীৰৰ ব্যৱসায়ত জড়িত কংগ্ৰেছ নেতা। কংগ্ৰেছ নেতা জেহিৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ। কংগ্ৰেছ নেতা ফকৰুদ্দিন আহমেদে নগাঁও প্ৰেছক্লাৱত আয়োজন কৰিলে সংবাদমেলৰ। ডাকৰঘাট গাঁও পঞ্চায়তত জেহিৰুলে সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি। দূৰ্নীতিৰ টকাৰে নগাঁৱত চলাইছে ড্ৰাগছ আৰু তীৰৰ বেহা। দূৰ্নীতিৰ বিৰুদ্ধে আৰটিআই সকলক ব্লেকমেইলিঙৰ অভিযোগত ৰঙা ঘৰলৈ পঠায় জেহিৰুলে। তীৰ মাফিয়া
আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে বঢ়মপুৰৰ ৰঙাজান খেলপথাৰত নগাঁও জিলাৰ জব্দকৃত ড্ৰাগছ দাহন তথা বিনষ্টকৰণ কাৰ্যসূচী হাতত লয় নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০২১ বৰ্ষত এই খেল পথাৰ খনতে প্ৰায় ডেৰ লাখ কোটি টকাৰ নিচাযুক্ত