নিউজ ব্যুৰ’,নগাঁও,২৮ মে’:–সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যক্ৰম “চোতাল” শীৰ্ষক অনুষ্ঠানটি নগাঁও জিলাৰ জাজৰিৰ সমীপৰ ঢলপুৰীয়াত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা কবি সন্মিলনৰ সহযোগত সফলতাৰে অনুষ্ঠিত হয় ৷ নগাঁও জিলাৰ অন্যতম সক্ৰিয় শাখা সোণাইপৰীয়া শাখা কবি সন্মিলনৰ অন্যতম সদস্য তথা কবি দেৱ বৰাৰ জাজৰিৰ ঢলপুৰীয়াস্থিত গৃহৰ চোতালত
নিউজ ব্যুৰ’,নগাঁও,২৮মে’:–শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নগাঁও জিলা শাখাৰ অন্তৰ্গত শংকৰী সংগীত বিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখা কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় । এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত অনিল কোঁৱৰৰ পৰিচালনাত নাম প্ৰসঙ্গৰ পাছতে পুৱা ৯:৩০ বজাত অনুষ্ঠিত হয় মুকলি সভা । শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও
মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেল পথাৰত সদৰ আঞ্চলিক সমিতিৰ সহযোগত ২৭ মে শনিবাৰে জনগোষ্ঠীয় সংগঠনটিৰ দ্বাৰা আয়োজিত প্ৰাক্তন ছাত্ৰ নেতা মণিময় গোস্বামী সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহৰ দ্বাৰ উৎঘাটনকৰে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। প্ৰয়াত ছাত্ৰ নেতা মণিময় গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ শিক্ষাবিদ সহধৰ্মিনী, গোলাঘাট আইন
মৰিগাঁও বনাঞ্চলিক কাৰ্যালয়ে অবৈধভাৱে কঢ়িওৱা ১৮ টা চেগুন কাঠৰ কুণ্ডাসহ কুণ্ডা কঢ়িওৱা বাহন খন জব্দ কৰে। লগতে এই অবৈধ কাৰ্যত জড়িত দুজন অভিযুক্তক হাতেলুটে ধৰি গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত দুজন মৰিগাঁও জিলাৰ আঁহতগুৰি গাঁও নিবাসী । নাম যথাক্ৰমে শ্ৰী প্ৰবীণ দাস(২৮ বছৰ) আৰু শ্ৰী অমল দাস(১৮ বছৰ)। আনহাতে আন এজন দুস্কৃতিকাৰী
এইবাৰ মালিগাঁৱত ফুটিল পানীৰ পাইপ।নিমিষতে জলমগ্ন হ’ল মালিগাঁও চাৰিআলিৰ সমগ্ৰ অঞ্চল। জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক । উল্লেখযোগ্য যে, কিছুদিন আগতে মহানগৰীৰ খাৰঘূলিত ফুটিছিল জাইকাৰ পানীৰ পাইপ। সেই জল বিস্ফোৰণত নিহত হৈছিল এগৰাকী মহিলা। ক্ষতিগ্ৰস্ত হৈছিল বহু লোকৰ ঘৰ–দুৱাৰ,