নাজিৰাত ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান ড্ৰাগছ সহ কৰায়ত্ব দুই ড্ৰাগছ সৰবৰাহকাৰী। চেপন চুণপোৰা পথত খেদি খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আব্বাৰ আৰু আশীষ শৰ্মাক। দুয়োৰে জিম্মাৰপৰা ব্ৰাউন ছুগাৰৰ লগতে জব্দ ড্ৰাগছ সৰবৰাহ কৰা কন্টেইনাৰ। দুটা মবাইল ফোনো জব্দ আৰক্ষীৰ। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , নাজিৰা আদৰ্শ
তামুলপুৰৰ গুৱাবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। আজি পুৱাই অঞ্চলটোৰ এঘৰ লোকৰ বাৰীৰ পিছফালে সাপডাল প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ বগৰিখুঁটি বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাপডাল ৷ উদ্ধাৰ হোৱা অজগৰ সাপডাল ওজন ২০ কিলোগ্ৰামৰো অধিক। প্ৰায় ১৩ ফুট দীঘলৰ সাপটো উদ্বাৰ কৰাৰ পিছতে
নাৰী নিৰ্যাতন,যৌন উৎপীড়ন,ধৰ্ষণ আদিৰ দৰে অপৰাধ দমনৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানেও ঠায়ে ঠায়ে অব্যাহত আছে নাৰীজনিত অপৰাধ। তেনে এক জঘন্য অপৰাধ সংঘটিত হ’ল গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেমৰ গোশালাত। দুই পাষণ্ডৰ কামনাৰ বলি হ’ব লগা হ’ল এগৰাকী নাবালিকা। ১৪ বছৰ বয়সীয়া নাবালিকাগৰাকীক গোশালাৰ সমীপৰ
উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এজন গাড়ী চালকৰ বিস্ফোৰক মন্তব্য। তেওঁ কয় যে, দুৰ্ঘটনাৰ সময়ত জোনমণি ৰাভাৰ গাড়ীখন সেই স্থানত ৰখাই থোৱাহে আছিল। ৰখাই থোৱা গাড়ীখনতহে কণ্টেইনাৰখনে খুন্দা মাৰিছিল। লগতে কয় যে, দুৰ্ঘটনাৰ পূৰ্বে ৰাভাৰ গাড়ীৰ পৰা নামি গৈছিল এজন লোক। সেই লোকজনে পৰিধান কৰিছিল ক’লা পোছাক । দুৰ্ঘটনাৰ পিছতেই
অসমৰ টিভি জগতৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপষ্ট” ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে চুমকি কছাৰী আৰু ৰিচা চেত্ৰী সন্মুখীন হ’ল ড্ৰ’ণ আক্ৰমণৰ। সামাজিক মাধ্যমত নিজৰ কেইখন মান ফটো আপলোড কৰি নিজৰ এই কথা ব্যক্ত কৰিলে অভিনেত্ৰী ৰিচাই। ৰঙালী বিহুৰ সৈতে সংগতি বিভিন্ন দল-সংগঠনে ওলোৱা শোভাযাত্ৰাত প্ৰায়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল উক্ত