30.2 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ফেডাৰেচন কাপত অম্লান বৰগোহাঁইৰ স্বৰ্ণ পদক…

Assamese Newsফেডাৰেচন কাপত অম্লান বৰগোহাঁইৰ স্বৰ্ণ পদক...

দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁইৰ আন এক সফলতা। ৰাছীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক নেশ্যনেল ফেডাৰেশ্যন কাপৰ ২০০ মিটাৰত লাভ কৰিলে সোণৰ পদক।

উল্লেখ্য যে, ৰিলায়েঞ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ২৬ সংখ্যক নেশ্যনেল ফেডাৰেশ্যন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ যোৱা ১৫ মে’ৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি আছিল প্ৰতিযোগিতাৰ অন্তিম দিন।

অন্তিম দিনটোত অনুষ্ঠিত হোৱা এই ২০০ মিটাৰ প্ৰতিযোগিতাত অম্লানে ২০.৮৩ ছেকেণ্ড সময় লৈ এই সাফল্য অৰ্জন কৰিছে। উল্লেখ্য যে, অম্লান বৰগোহাঁইৰ নামতে আছে ২০০ মিটাৰত ৰাষ্ট্ৰীয় ৰেকৰ্ড।

তেওঁ পূৰ্বে ২০২২ ত ২০.৫২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল। ইফালে আজিৰ এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিলেও অৱশ্যে অম্নালে এছিয়ান গেমছলৈ কোৱালিফিকেশ্যনৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহল।

এছিয়ান কোৱালিফিকেশ্যনৰ বাবে নিৰ্ধাৰিত সময় আছিল ২০.৬১ ছেকেণ্ড। ইফালে অম্লান বৰগোহাঁইৰ এই সাফল্যই অধিক আশবাদী কৰি তুলিছে অসম এথলেটিকছ সন্থাৰ যুটীয়া সম্পাদক তথা প্ৰশিক্ষক নিপন দাসক।

এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ টেকনিকেল অফিচিয়েল হিচাপে এই প্ৰতিযোগিতাখনত উপস্থিত থকা নিপন দাসে আশা প্ৰকাশ কৰিছে আগন্তুক সময়ত অম্লানে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিব। এতিয়াও তেওঁৰ সন্মুখত আছে কেইবাখনো প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈকে অম্লানে ৪ দিন পাছত অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰিব।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!