চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷ নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷ আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷ দুৰ্ঘটনা সংঘটিত হয় চতিয়াৰ ভকত গাৱঁৰ সমীপত ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ মুম্বাইৰ ভাইল পাৰ্লেত অনুষ্ঠিত ‘মন কী বাত’ৰ ১০০ সংখ্যক শ্ব’ত অংশগ্ৰহণ কৰিব। কান্দিৱলীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে। বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘মন কী বাত’ এনে এক কাৰ্যসূচী যাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ যোগাযোগ
পৰ্যটকসকলৰ বাবে সুখবৰ ! ১০ মে’ পৰ্যন্ত বাহাল থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী। এক নিৰ্দেশনা যোগে এই কথা সদৰী কৰিলে উদ্যান কৰ্তৃপক্ষই। শেহতীয়াকৈ ৩০ এপ্ৰিলত হাতী চাফাৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কৰ্তৃপক্ষৰ। কিয়নো এপ্ৰিল মাহত এতিয়ালৈ যথেষ্টসংখ্যক পৰ্যটক
শনিবাৰে হিমন্ত কেবিনেটে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উপায়ুক্তসকলক মূল্যায়নৰ চৰ্তাৱলী, ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বৃদ্ধি, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ পুঁজি আৱন্তন আদিৰে বহুকেইটা সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে। নিৰ্দিষ্ট নিৰীক্ষণযোগ্য মাপকাঠিৰ ওপৰত আধা্ৰ কৰি বাৰ্ষিক প্ৰদৰ্শন মূল্যায়ন প্ৰতিবেদনত ৰেকৰ্ডিঙৰ বাবে উপাযুক্তৰসকলৰ প্ৰদৰ্শন মূল্যায়ন চৰ্ত আৰোপ কৰা হৈছে । তদুপৰি উপাযুক্তসকলৰ কাম পৰ্যালোচনা
‘যুৱশক্তিয়েই ৰাষ্ট্ৰশক্তি ৷ ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ প্ৰতি যুৱশক্তি আকৰ্শিত হৈছে ৷ ইয়াৰ ফলতেই ধেমাজিত শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হৈছে৷’ এই মন্তব্য ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ৷ শাসকীয় গেৰুৱা দল বিজেপিৰ যুৱ সংগঠন ভাৰতীয়