জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত সৃষ্টি হৈছে বহু প্ৰশ্নৰ!

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত সৃষ্টি হৈছে বহু প্ৰশ্নৰ!

উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। চি আই ডিয়ে তীব্ৰগতিত চলাইছে ঘটনাৰ তদন্ত। ইতিমধ্যে কেতবোৰ তথ্য পোহৰলৈ আহিছে এই ঘটনা সন্দৰ্ভত। ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য। তাৰ মাজতে এটা ভাইৰেল অডিঅ’ ক্লিপে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনাক।

মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যু ছাত্ৰৰ, আহত ১

মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যু ছাত্ৰৰ, আহত ১

মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ছাত্ৰৰ। মাজুলীৰ অতিৰিক্ত উপায়ুক্তই গৰমূৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। অতিৰিক্ত উপায়ুক্তৰ বাহনখনে মহতিয়াই নিয়ে দুজন ছাত্ৰ। ফলত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে মলয় নাথ নামৰ দশম মানৰ ছাত্ৰজন গুৰুতৰভাৱে আহত হয়। দুয়োগৰাকী ছাত্ৰ বৰগুৰি

বি টি আৰত প্ৰথমবাৰ চৰকাৰীভাৱে বড়ো মাধ্যম দিৱস পালন

বি টি আৰত প্ৰথমবাৰ চৰকাৰীভাৱে বড়ো মাধ্যম দিৱস পালন

বি টি আৰৰ চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বি টি চিৰ সচিবালয়ৰ পৰা ১৮ মে’ৰ দিনটো বড়ো মাধ্যম দিৱস হিছাপে পালন কৰিবলৈ নিৰ্দেশ। সচিবালয়ৰ নিৰ্দেশৰ পাছতেই বি টি আৰৰ ৪খন জিলাৰ অন্তৰ্গত প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়,মহাবিদ্যালয় আৰু বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বড়ো মাধ্যম দিৱস পালন কৰা হয়। বৃহস্পতিবাৰে বি টি আৰৰ অন্তৰ্গত

দেশ-বিদেশত নগাঁৱৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃতিত্ব

দেশ-বিদেশত নগাঁৱৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃতিত্ব

  নিউজ ব্যুৰ’,নগাঁও,১৯মে’:–নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তই “ICAR”ৰ অধীনস্থ “নেচনেল ডেইৰী ৰিচাৰ্ছ ইনষ্টিটিউট” কৰ্নাল,হাৰিয়ানা (NDRI)ৰ পৰা সুখ্যাতিৰে স্নাতক (B-Tech) ডিগ্ৰী লাভ কৰে । উল্লেখ্য যে মহন্তই অধ্যয়ন কৰি থকা সময়তে বিশ্ববিদ্যালয় তথা বিশ্ব বেংকৰ সাহাৰ্যত দক্ষিণ আমেৰিকাৰ চিকাগো চহৰৰ সমীপৱৰ্তী “Purdue University” ত Internship কৰাৰ সুবিধা লাভ কৰে।

২১মে'(ৰবিবাৰ)ত শ্ৰী শংকৰদেৱসংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ ৰাজহুৱা সভা

২১মে'(ৰবিবাৰ)ত শ্ৰী শংকৰদেৱসংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ ৰাজহুৱা সভা

  নিউজ ব্যুৰ’,নগাঁও,১৯মে’:–অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিৰ খনিকৰ,অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামাঙ্কিত উত্তৰ-পূব ভাৰতৰ বৃহৎ ধৰ্মীয়,সাহিত্য-সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ অনুষ্ঠানটিৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৪,৫ আৰু ৬ নবেম্বৰত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ গোৱালপাৰা জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত কৰাৰ বাবে