ধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

ধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

শুক্ৰবাৰে গৰু বিহুৰ দিনাই ধেমাজিৰ পানীতোলাত এটি হৃদয়বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটিত থিতাতে নিহত হয় এগৰাকী যুৱতী। জানিব পৰা অনুসৰি, ট্ৰাক আৰু এখন টয়োটা বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাই যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাম চৈয়দা ৰিজৱানা য়াচমিন। তেওঁ কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।