নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ :-জাতিৰপিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী উপলক্ষে “মহাৰাষ্ট্ৰ গান্ধী স্মাৰক নিধি”য়ে ২অক্টোবৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে মহাৰাষ্ট্ৰৰ পুনেৰ গান্ধী ভৱনত আয়োজন কৰা বিশাল গান্ধী সমাৰোহত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে দেশে-বিদেশে সুনাম অৰ্জন কৰা অসমৰ আগশাৰীৰ ভাৰতনাট্যম্ শিল্পী,গুৰু ইলোৰা বৰা আৰু তেওঁৰে শিষ্যা নগাঁৱৰ ময়ূখী বেজবৰুৱা। বৰ্ণাঢ্য অনুষ্ঠানটিত ৪
কোকৰাঝাৰ জিলাৰ গৌৰাং হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা বালাজান তিনালী নিৱাসী স্বৰ্গীয় সঞ্জয় যাদৱ আৰু ৰংজালী বসুমতাৰী যাদৱৰ পুত্ৰ জয় যাদৱ (১৪) ৰহস্যজনকভাৱে বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জয় যাদৱক বিচাৰি বিভিন্ন ঠাইত খা-খবৰ লৈছে যদিও জয় যাদৱৰ কোনো শুংসূত্ৰ পোৱা নাই ।
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অসম জাতীয় পৰিষদত যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷ শুক্ৰবাৰে তেওঁৰ সমৰ্থক সহ যোগ দিব লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন আঞ্চলিক দলটোত ৷ অ:জা:প:ত চামিল হ’ব জিতেন গগৈ নেতৃত্বাধীন’বোকাখাত নির্মাণ গোট ৷ উল্লেখ্য যে,গগৈ বোকাখাত সমষ্টিৰ পৰা দুবাৰকৈ নিদৰ্লীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো আদিবাসী গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। আছাৰ বিষয়ববীয়াসকলৰ অভিযোগ যে চাৰিদুৱাৰৰ কেইবাখনো গাঁও দয়ালপুৰ, যোগিবীল, পশ্চিম টেঙাবিল, সোনাজুলি, বৰবিল মৰিয়নি, দপদপি, ৪ নং বগিজুলি, তাৰাবাৰীৰ
পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ মেঘালয়ত ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে জাকে জাকে বাংলাদেশী নাগৰিক অবৈধভাৱে প্ৰৱেশ কৰিছে ভাৰতত ৷ শেহতীয়াকৈ কৰিমগঞ্জ আৰু মঙলবাৰে হাটশিঙিবাৰীত ১২জনকৈ বাংলাদেশীক আটক কৰাৰ পিছত আজি মেঘালয়ৰ হেলেডেগঞ্জত ১৭ বাংলাদেশীক আটক কৰে আৰক্ষীয়ে ৷ তেওঁলোকে ফুলবাৰীলৈ গৈ থকা পথত মেঘালয় আৰক্ষীৰ জালত পৰে ৷