পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ

পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ

১১ আগষ্টত পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ। অৱশ্যে পুৰুষৰ ধ্বজাবাহক কোন হ’ব সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই। উল্লেখ্য যে, পেৰিছ অলিম্পিক ২০২৪ত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি চৰ্চাৰ শীৰ্ষত আছে ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ।

ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে!

ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে!

ইৰাণ-ইজৰাইলত পুনৰ উত্তেজ*নামূলক পৰিস্থিতি। ইজৰাইলৰ ওপৰত আজি আক্ৰ*মণ কৰিব পাৰে ইৰাণে। G7 দেশসমূহক সতৰ্কবাণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনৰ। বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰে ইৰাণৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰাৰম্ভিক আক্ৰমণৰ অনুমোদন দিয়াৰ সম্ভাৱনা।

ডাৱৰ বিস্ফোৰণৰ পাছতে হিমাচল প্ৰদেশত বানৰ সংহাৰ; সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক

ডাৱৰ বিস্ফোৰণৰ পাছতে হিমাচল প্ৰদেশত বানৰ সংহাৰ; সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক

ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু। এতিয়াও সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক। পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।