বকোৰ ছমৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কাননগো প্ৰদীপ কলিতাক। ৩ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ। নথি শুধৰণিৰ বাবদ লৈছিল উৎকোচ। প্ৰদীপ কলিতাক সোধা-পোছা অব্যাহত।
মটৰ শ্ৰমিক ইউনিয়নৰ কৰ্মবিৰতি প্ৰত্যাহাৰ। কাইলৈৰ পৰা ৰাজ্যত পুনৰ চলাচল কৰিব যাত্ৰীবাহী বাহন। দুদিনীয়াকৈ মটৰ শ্ৰমিক ইউনিয়নে পালন কৰিছিল কৰ্মবিৰতিৰ। আজি পুৱাৰে পৰা ৰাজ্যত স্তব্ধ হৈছিল যাত্ৰীবাহী বাহনৰ চলাচল। মটৰ শ্ৰমিক ইউনিয়ন আৰু পৰিবহণ বিভাগৰ বৈঠক সমাপ্তিৰ পিছতে সিদ্ধান্ত।
পুনৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড। এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এগৰাকী যুৱতীক অপহৰণ। পৰিয়ালৰ সৈতে বাংগালুৰুৰ পৰা আহি আছিল যুৱতীগৰাকী। ৰে’লত থকা দুৰ্বৃত্তই যুৱতীগৰাকীক অপহৰণ কৰাৰ সন্দেহ। যুৱতীগৰাকীৰ পিতৃৰ নাম চুহাগ উদ্দিন বুলি জানিব পৰা গৈছে। ইতিমধ্য, যুৱতীগৰাকীৰ পৰিয়ালৰ লোকলৈ আহিছে ভাবুকি ভৰা ফোন। যুৱতীগৰাকী ঘৰ কৰিমগঞ্জত। যুৱতীগৰাকীৰ সন্ধানত চলি আছে
প্ৰতিমাহে গ্ৰহৰ অধিপতি সূৰ্য্যই ৰাশি সলনি কৰে। ২০২৪ চনৰ ১৫ জানুৱাৰীত সূৰ্য্যই শনিৰ ৰাশি মকৰ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। তাৰ আগতে সূৰ্য্যই নক্ষত্ৰ সলনি কৰিবলৈ ওলাইছে। ২০২৪ চনৰ ১১ জানুৱাৰীত সূৰ্য্যই উত্তৰশৰ নক্ষত্ৰত প্ৰৱেশ কৰিবলৈ ওলাইছে ৷ আনহাতে, ন্যায়ৰ দেৱতা আৰু কৰ্মদাতা শনি তেওঁৰ আদি ত্ৰিকোণীয় ৰাশি কুম্ভ ৰাশিত
পৰিৱৰ্তনশীল বতৰৰ প্ৰথম প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰতে পৰে।এনে বতৰত শিশুৰ জ্বৰ-কাহৰ আদি হোৱাটো খুবেই স্বাভাৱিক। এই দিনকেইটাত বিশেষকৈ শুকান কাহে শিশুসকলক বাৰুকৈয়ে আমনি কৰে।শুকান কাহৰ ফলত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয়।বহু ঔষধ খোৱাৰ পাছতো কেতিয়াবা শুকান কাহ ভাল নহয়।এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ