অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান। লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ। এতিয়াও ICUতে ৰখা হৈছে জুবিন গাৰ্গক। চিন্তাৰ কোনো কাৰণ নাই। চাৰিজনীয়া চিকিৎসকৰ নিৰীক্ষণত জুবিন গাৰ্গ। চিকিৎসকৰ মতে বিশ্ৰামৰ প্ৰয়োজন জুবিনৰ।
অসমত খাই–বৈ থকা পাকিস্তানীসকলৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক। নিৰ্বাচনী সভাতেই হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ৰাজহুৱা ঘোষণা। ‘দেশৰ পাকিস্তানীসকলক আমি ভাল নাপাওঁ’
যাদুৰাণী সুস্মিতা তালুকদাৰৰ মুখত বিৰিঙি উঠিল অলপ হাঁহি। কৰ্কটত আক্ৰান্ত সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিল মৌলানা বদৰুদ্দিন আজমল। সাংসদগৰাকীয়ে প্ৰদান কৰিলে আৰ্থিক সাহায্য।
অসমত বিজেপিৰ ভেটি কঁপাবলৈ আহি আছে ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ উপস্থিতিত বিজেপি, অগপৰ বহু নেতাই যোগদান কৰিব কংগ্ৰেছত। প্ৰদেশ কংগ্ৰেছৰ বিশাল আয়োজন।
অভিনেতা যতীন বৰাৰ শেহতীয়াকৈ মুক্তি পোৱা চলচ্চিত্ৰ ‘ৰাঘৱ’ক লৈ অসমবাসীয়ে তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ৰাঘৱ’ ছবিক ট্ৰ’ল কৰাক লৈ যতীন বৰা এতিয়া অতিষ্ঠ হৈ পৰিছে। ‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকল বিপদত পৰিব। কিয়নো যতীন বৰাই সকলো ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকলৰ বিৰুদ্ধে যতীন