২০২৪ চনৰ ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম জন্মভূমি মন্দিৰ উদ্বোধন কৰিব। বুধবাৰে মোডীৰ বাসভৱনত শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র কমিটীৰ কৰ্মকৰ্তাসকলে সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোডীক মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনায়।
এইবাৰ দুৰ্গোৎসৱত বিগত বছৰতকৈও অধিক সুৰা বিক্ৰীৰে অভিলেখ স্থাপন হ’ল অসমত 🔷 ষষ্ঠীৰ পৰা দশমীলৈ মাত্ৰ ৪ দিনত সমগ্ৰ অসমত মুঠতে ২২ কোটি টকাৰ সুৰা বিক্ৰী। 🔷 এই সময়ছোৱাত গুৱাহাটীত ৪ দিনত বিভিন্ন কাৰণত পথ দুৰ্ঘটনাত ২৮২গৰাকী ব্যক্তি আহত ।
জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওক গুৰুদায়িত্ব। নিৰ্বাচন আয়োগে নেচনেল আইকন ৰূপে নিযুক্তি দিছে অভিনেতাজনক।
ৰাজ্যত বৃদ্ধি পালে পিঁয়াজৰ দাম 🔷প্ৰতি কিলো পিঁয়াজত বৃদ্ধি পালে ১০ টকাকৈ 🔷মহানগৰীত ৬০ টকাৰ ঘৰ স্পৰ্শ পিঁয়াজৰ দামৰ
অযোধ্যাৰ ৰাম মন্দিৰত অভিনেত্ৰী কংগনা ৰাণাৱট। আহিবলগীয়া ছবি ‘তেজস’ৰ মুক্তিৰ পূৰ্বে ৰাম মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰীগৰাকীয়ে।