আজি মহানৱমী। আজি কোনে পাব ভাগ্যৰ সহায়? শুভবাৰ্ত্তালৈ কোন আহিব পাৰে? মহানৱমী কাৰ বাবে মহান হ’ব? ১২টা ৰাশিৰ ৰাশিফল জানি লওক। মেষ ৰাশিঃ আজি খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। অভাৱনীয় খৰচ বৃদ্ধিয়ে আপোনাৰ মনৰ শান্তি বিনষ্ট কৰিব পাৰে। তৎক্ষণাত ঘৰুৱা বিষয়ত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব
তামুলপুৰ জিলাৰ দাৰকুছিত যোৱা নিশা একাংশ বেঙ্গলী সম্প্ৰদায়ৰ যুৱকে জয় শ্ৰী ৰাম ধ্বনি দি এবিএমছুৰ দুটাকৈ কাৰ্য্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ দাৰকুছিৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে । আনকি উদণ্ড যুৱকসকলে আৰক্ষীৰ উপস্থিতিতে সভাপতিগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে । ঘটনাৰ কিছু মুহুৰ্তৰ
পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ নলবাৰীৰ খাৰজাৰাত এগৰাকী বোৱাৰীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত বোৱাৰীগৰাকীক স্বামী পংকজ ৰাজবংশী আৰু তেওঁৰ পৰিয়ালে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ আত্মীয়ই ৷ পূজাৰ আনন্দ উল্লাসৰ মাজতে নলবাৰীত এগৰাকী বোৱাৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ
শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য৷ দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাক আৰাধনাৰ বাবে আধ্যাত্মিকতাৰ মাজতে জাক-জমকতাৰে সাজু কৰি তোলা হৈছে পূজাৰ মণ্ডপ৷ ঐতিহাসিক দৌল-দেৱালয়ৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষে ঘৰুৱাভাৱে পৰম্পৰা ৰীতি-নীতিৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰ এতিয়া দুৰ্গা পূজাৰ উছাহ৷ বৰাক উপত্যকাৰৰ বাঙালি
দেওবাৰে আছিল ‘বিগ বছ ছিজন ১৭’ৰ প্ৰথমটো উইকেণ্ড কা ৱাৰৰ দ্বিতীয় দিন ৷ শনিবাৰৰ দৰেই দেওবাৰটোও আছিল মনোৰঞ্জনেৰে ভৰা এক বিশেষ খণ্ড । অৱশ্যে প্ৰথম আৰু দ্বিতীয়টো উইকেণ্ড কা ৱাৰত বিগ বছ হাউচৰ পৰা কোনো প্ৰতিযোগীকে এলিমিনেট কৰা হোৱা নাই ৷ ইফালে কংগনা ৰানাৱটকে ধৰি বহু চলচ্চিত্ৰ আৰু টিভিৰ চেলিব্ৰিটিয়ে