মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত। পুনৰ মহানগৰীত শিশু নিৰ্যাতনৰ ঘটনা। ড০ চাবিনা লাংথাছা নামৰ এগৰাকী প্ৰফেছৰে বনকৰা শিশু হিচাপে ৰাখিছিল ১০ বছৰীয়া কন্যা শিশুটিক। মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ শিশুটিক। শিশুটিৰ ঘৰ উমৰাংছ’ত।
কথাতে কয়–‘মুখৰ মিচিকণি, দাঁতৰ জিলিঙনি’৷ মৌন ওঁঠত লহৰ উঠিলেই, মুখত হাঁহি বিৰিঙে আৰু তেতিয়া মুকুতামণি সদৃশ দাঁতে জেউতি চৰায়৷ কোৱা হয়– হাঁহিৰেই মানুহে লংকা জয় কৰিব পাৰে৷ আকৌ সেই হাঁহিত যদি ক’লা দাঁত দুপৰি ওলাই, তেতিয়া দেখাত লাগে কুৎসিত৷ অত্যাধিক চাহ, কফি, পাণ বা ধুমপান কৰিলে দাঁত ক’লা হয়৷ ই
আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত আছে– নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, প্ৰয়োজনীয় নিদ্ৰা আদি৷ ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ ওজন হ্ৰাস কৰাৰ কেইটামান
সকলোৰে ঘৰত কম-বেছি পৰিমাণে দৰৱৰ প্ৰয়োজন হয়৷ কিন্তু সাম্প্ৰতিক সময়ত দৰৱৰ ওপৰতো পৰিছে ভেজালকাৰীৰ হাতোঁৰা৷ অন্যান্য সামগ্ৰীৰ দৰে ভাৰতত ঔষধৰো ভেজাল বৃদ্ধি পাইছে৷ উল্লেখ্য যে সমাজত এনেধৰণৰ কিছুমান লোক আছে যিসকলে দৰৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাচি আছে৷ সেয়ে দৰৱ কিনোতে সেই দৰৱ আচল নে নকল সেয়া জনাটো জৰুৰী৷ নকল দৰৱ
শীতকালত অসমত প্ৰচুৰ পৰিমাণে উৎপাদিত হয় বিলাহী৷ অৱশ্যে আজিকালি বছৰৰ বাৰমাহে পোৱা যায় বিলাহী৷ উপযুক্ত মূল্য নোপোৱা বাবে বহু সময়ত ৰাজ্যৰ কৃষকে পেলাই দিবলগীয়া হয় শ শ কুইণ্টল বিলাহী৷ সেয়া কেঁচা বিলাহীয়ে হওক বা পকা বিলাহীয়েই হওক৷ বজাৰত পকা বিলাহীলৈ সকলোৰে চকু যায়৷ গ্ৰাহকৰ দৃষ্টি কেঁচা বিলাহীৰ ওপৰত প্ৰায় নপৰেই৷