বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ। ২৩ ছেপ্টেম্বৰত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰ। দুয়োকে হত্যা কৰাৰ সন্দেহ সোণাৰিৰ গাড়ী মালিক-চালক সন্থাৰ। ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ গৈছিল দুয়ো। দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক। গৌৰীসাগৰৰ পৰা অজিত কলিতা নামৰ প্ৰৱঞ্চকক আটক আৰক্ষীৰ। বিধৱা মহিলাক আঁচনি দিয়াৰ নামত প্ৰৱঞ্চনা। আঁচনি দিয়াৰ নামত ২০ হাজাৰ টকা সংগ্ৰহ দালালটোৰ। ইয়াৰোপৰি OTP আহিছে বুলি মোবাইলটো কাঢ়ি লৈ হৈছিল অন্তৰ্ধান। প্ৰায় এমাহৰ অন্তত যোৰহাট আৰক্ষীয়ে আটক কৰে অজিতক। নিজকে পৌৰসভাৰ কৰ্মচাৰী বুলি মহিলাগৰাকীক দিছিল পৰিচয়।

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। হায়দৰাবাদত মৃত্যু মাজুলীৰ যুৱকৰ। মৃত যুৱকজনৰ নাম ৰাকেশ বৰা। এটা বহুজাতিক কোম্পানীত ৪ বছৰে কৰ্মৰত আছিল ৰাকেশ। বিগত ৩ দিনৰ পৰা ৰাকেশৰ কোনো খবৰ পোৱা নাছিল পৰিয়ালে। কোনোৱে পৰিকল্পিতভাৱে ৰাকেশক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক

তিনিচুকীয়া ৰে’লৱে ষ্টেচনত RPF-ৰ অভিযান। বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক। অভিযানত জব্দ ১ কুইণ্টল চুপাৰি, ৫০ বাণ্ডিল পেৰিজ চিগাৰেট, ৪৮ বাণ্ডিল উইনচ্‌ চিগাৰেট।

আজি পবিত্ৰ কৰম পূজা!

কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে এই পৰ্ব উপলক্ষে চাহ জনগোষ্ঠীয় অঞ্চলসমূহত ব্যাপক আয়োজন কৰা হৈছে। ঠাই বিশেষে এই উৎসৱ ৩ দিন,৫দিন তথা ৭দিন পৰ্য্যন্ত পালন