জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান

জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান

সেনা আৰু আৰক্ষীৰ দুই সহস্ৰাধিক বিষয়া-জোৱানে কেইবাদিনো ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান। এক বিস্তীৰ্ণ এলেকা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই অভিযানত ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ, স্নিফাৰ ডগ আৰু ড্ৰোণ। উগ্ৰপন্থীবিৰোধী এই অভিযানত ইতিমধ্যে সেনা আৰু আৰক্ষীৰ তিনিজনকৈ বিষয়া শ্বহীদ হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হৈছে তিনিটাকৈ সন্ত্ৰাসবাদীৰ মৃতদেহ।

নিপা ভাইৰাছত আক্ৰান্ত ৬ জন

নিপা ভাইৰাছত আক্ৰান্ত ৬ জন

কেৰালাৰ কোঝিকোডত নিপা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। এই ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ১০০৮ গৰাকী লোকক চিনাক্ত কৰা হৈছে। ইয়াৰে ৩২৭গৰাকী স্বাস্থকৰ্মীও অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণত ৬গৰাকী ধৰা পৰিছে। ইয়াৰ ভিতৰৰ ২জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে ভাৰতত থকা সকলো

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনৰ ৭৩টা বসন্ত অতিক্ৰম কৰি আজি ৭৪ত ভৰি দিলে। ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আজিৰ এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে লগতে দুসপ্তাহ ধৰি পালন কৰা হ’ব ‘সেৱা পষেক।’ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বিভিন্ন জনাইছে শুভেচ্ছা। ইফালে বিজেপি দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা

বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল’গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল’গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

আজি ৰাজ্যজুৰি “অমৃতবৃক্ষ” আন্দোলনৰ সামৰণি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণিস্বৰূপে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচীৰ বাবে ইতিমধ্যেই সাজু কৰি তোলা হৈছে যাৱতীয় প্ৰচেষ্টা। এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়োজন

সম্পূৰ্ণ নিয়ম-নীতিৰে উপবাস ৰাখিলেহে পূৰণ হয় মনোকামনা

হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি সপ্তাহৰ ৭টা দিনৰে নিজা গুৰুত্ব আছে। বিশ্বাস অনুসৰি, প্ৰতিটো দিনেই একো একোজন দেৱতাৰ দিন। দেওবাৰৰ দিনটো ভগৱান সূৰ্যৰ দিন।সূৰ্য ভগৱান হৈছে স্বাস্থ্য, জীৱন আৰু শক্তিৰ দেৱতা।যাৰ বাবে এই দিনটোত সূৰ্যৰ উপাসনা কৰিলে বিশেষ ফল লাভ কৰিব পাৰি বুলি বিবেচনা কৰা হয়।পিছে এই দিনটোত সূৰ্যক উপাসনা কৰাৰো