আকৌ সেই উত্তেজনা,উন্মাদনা-ৰোমাঞ্চ। বিশ্বৰ অন্যতম দুই চিৰপ্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান আজি মুখামুখি হ’ব এছিয়া কাপৰ মেচত। সম্প্ৰতি দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ড দ্বিপাক্ষিক শৃংখলা আয়োজনৰ পৰা বিৰত থকা বাবে কেৱল আই চি চিয়ে আয়োজন কৰা প্ৰতিযোগিতাসমূহতে দৰ্শকে ভাৰত-পাকৰ হাইভ’ল্টেজ মেচ দেখাৰ সৌভাগ্য ঘটে। সেই অনুসৰি আজি শ্ৰীলংকাৰ কেণ্ডিত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুুখামুখি হ’ব।
সাধাৰণতে কোনো যাত্ৰীয়ে গন্তব্যস্থললৈ যাব লগা হ’লে তেওঁৰ বেগত কাপোৰ-কানিকে ধৰি প্ৰয়োজনীয় আচবাব লৈ যোৱাটো স্বাভাৱিক। কিন্তু এগৰাকী যাত্ৰীৰ বেগৰ পৰা সাপ,বান্দৰ তথা অন্য বন্যপ্ৰাণী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংগালুৰু বিমান বন্দৰত সংঘটিত বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ ঘটনাই প্ৰত্যক্ষদৰ্শীক হতচকিত কৰি তুলিছে। জানিব পৰামতে শুল্ক বিভাগৰ এটি দলে বিমান
ৰাশিচক্ৰৰ ওপৰত মঙ্গল গ্ৰহৰ অৱস্থান পৰিৱৰ্তনৰ প্ৰভাৱঃ জ্যোতিষত প্ৰতিটো গ্ৰহৰ নিজস্ব গুৰুত্ব আছে। কোৱা হয় যে প্ৰতিটো গ্ৰহেই নিজৰ নিৰ্দিষ্ট সময়ত নিজৰ অৱস্থান সলনি কৰে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ, ভাল-বেয়াই সকলোৰে জীৱনত প্ৰভাৱ পেলায়। ২২ অক্টোবৰত কন্যা ৰাশিৰ পৰা মংগল গ্ৰহে তুলা ৰাশিত প্ৰৱেশ কৰিব। এই সময়ছোৱাত সকলো ৰাশিৰ ওপৰত
ৰাজ্য কঁপাই যোৱা BJP নেত্ৰী জোনালী নাথ হত্যাকাণ্ডৰ আৰক্ষীৰ চাৰ্জশ্বীট দাখিল আৰক্ষীৰ (Jonali Nath Murder Case)। নথি–পত্ৰসহ প্ৰায় ২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট আদালতত দাখিল কৰিছে আৰক্ষীয়ে৷ জোনালী নাথ হত্যাকাণ্ডৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হ’ল৷ এতিয়াও হত্যাকাৰীৰ ফাঁচিৰ দাবীত অটল প্ৰয়াত জোনালী নাথৰ স্বামী৷ যোৱা ১১ জুনত দুই হত্যাকাৰী ক্ৰমে হাছানুৰ
অসম আৰক্ষীৰ (Assam Police) শীৰ্ষ মহল কঠোৰ হৈ পৰাৰ পাছতে বহুচৰ্চিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই অৱশেষত আজি পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। কেইদিনমান পূৰ্বলৈকে যিখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া হিচাপে দপদপাই আছিল, শুভলক্ষ্মী দত্ত আজি সেইখন জিলাৰে কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত বন্দী হ’ব লগা হ’ল।