বান পৰিস্হিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই
উমৰাংছুত কপিলী নদীৰ ওপৰত থকা NEEPCO বান্ধে পানী এৰি দিয়াৰ ফলত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলধলীয়া পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহত পথৰ ওপৰেৰে কপিলী নদীৰ পানী বাগৰি সৃষ্টি কৰা বানপানী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।


লগতে গাঁও পঞ্চায়তৰ দ্বাৰা নিৰ্মীয়মান এক বান্ধ জলসম্পদ বিভাগৰ বিভাগীয় অভিযন্তাক নিৰ্মাণৰ দায়িত্ব লৈ আৰু অধিক শ্ৰমিক নিয়োগ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক জিতু গোস্বামী আৰু শশী কান্ত দাস লগতে জলসম্পদ বিভাগৰ বিষয়া সকলে।