৭৪সংখ্যক গণৰাজ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

৭৪সংখ্যক গণৰাজ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। মোদীয়ে কয় যে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠান আৰু অধিক বিশেষ, কাৰণ দেশৰ স্বাধীনতাৰ “অমৃত মহোৎসৱ”ৰ সময়ত এই অনুষ্ঠানটো উদযাপন কৰা হৈছে।

গণৰাজ্য দিৱসৰ শুভেচ্ছাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত সকলো ভাৰতীয়ক একতাৰ বাৰ্তাও প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত বৃহত্‍ গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থাকে য’ত প্ৰায় ৬০-৬৫ হাজাৰ লোকে। যোৱা বছৰ এই ৰাজপথৰ নাম কৰ্তব্য পথৰ কৰাৰ পিছত এইবাৰেই প্ৰথম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে।

 

GTM Desk