মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

পৰিকল্পনা আছিল CSP এজেন্টৰ পৰা ধন কাঢ়ি নিয়াৰ ।

ৰঙিয়াত পিষ্টল সহ তিনি দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু CRPF বাহিনীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোঁচাইটি চকত চলাইছিল তালাচী অভিযান । অভিযানত এখন পালচাৰ বাইকত অহা দুটা ডকাইতক ৮ টা সজীৱ গুলী, ৭.৬৫ এম এম পিষ্টল এটা, দুখন চুৰি সহ গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকক কামৰূপ জিলাৰ সোনতলীৰ এটা ডকাইতে সেই অঞ্চলৰ এটা CSP এজেন্টৰ পৰা ধন কাঢ়ি নিয়াৰ বাবে মাতি পঠিয়াইছিল ।সেই যুৱক দুজনক লৈ বৃহস্পতিবাৰে নিশা ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত উক্ত স্থানত অভিযান চলোৱা হয় । অভিযানৰ অন্তত ছয়গাঁওৰ সোনতলীৰ পৰা আনোৱাৰ হুছেইন নামৰ আন এজন ডকাইতক গ্ৰেপ্তাৰ কৰা হয় । আন দুটা ডকাইতৰ ঘৰ বাক্সা জিলাৰ হাৰিজোৰাৰ ফজল আলী আৰু বাবলী হুছেইন । ৰঙিয়া থানাত তিনিওজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ৰিজাউল হাচান,ৰঙিয়া ।

GTM Desk

Related