বুধবাৰে ৰঙিয়াতো মাতৃভাষা বিৰোধী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ
বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো মাতৃভাষা বিৰোধী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কর্মী সকলে এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত প্ৰকাশ কৰাৰ তীব্ৰ বিৰোধিতা কৰে । শীঘ্ৰে এনে সিদ্ধান্ত বাতিল কৰাৰ দাবীত আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
ৰঙিয়াৰ পৰা ৰিজাউল হাচান