ৰঙিয়া সাপ্তাহিক বজাৰৰ ভগা দলঙেৰে বিপদশংকুল যাতায়ত ৰাইজৰ…

ৰঙিয়া সাপ্তাহিক বজাৰৰ ভগা দলঙেৰে বিপদশংকুল যাতায়ত ৰাইজৰ…

ৰঙিয়া নগৰৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা বিধ্বস্ত কাঠৰ দলঙৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । বৰলীয়া নৈৰ ওপৰত থকা এই দলংখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । লোকনিৰ্মাণ বিভাগে পথ বন্ধ বুলি এখন ফলক আঁৰিয়ে দায়িত্ব সামৰিছে । এই জৰাজীৰ্ণ দলংখনেৰে অতি বিপজ্জনক ভাৱে ৰাইজে যাতায়ত কৰি আহিছে । যাৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে । ৰঙিয়া নগৰৰ এই ব্যস্ত অৰ্ধ সাপ্তাহিক বজাৰলৈ সহস্ৰাধিক গ্ৰাহকে এনেদৰে মৰণক শৰণ কৰি অহা-যোৱা কৰে । ৰাইজে দীৰ্ঘদিনৰ পৰা ইয়াত এখন দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও লোকনিৰ্মাণ বিভাগে কোনো গুৰুত্ব নিদিয়ে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

GTM Desk