ৰঙিয়া মহাবিদ্যালয়ত NAACৰ দল
কামৰূপ জিলাৰ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয় । বৃহস্পতিবাৰে মহাবিদ্যালয় খনত NAACৰ 3জনীয়া দল এটিয়ে পৰিদৰ্শন কৰে । মহাবিদ্যালয় সমূহৰ গুণগত মানদণ্ড আৰু শিক্ষাৰ মানদণ্ড নিৰূপণ কৰে NAAC য়ে । মহাবিদ্যালয়ৰ ফালৰ পৰা দলটিক উষ্ম আদৰনি জনোৱা হয় । NAACৰ PEER দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনত এক সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমূহৰ দ্বাৰা অসমৰ লোক সংস্কৃতি আদি সমূহ পৰিবেশন কৰে । আনহাতে NAAC ৰ দলটিয়ে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমূহৰ সৈতে এক আলোচনাত মিলিত হৈ মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে কিছু দিহা পৰামৰ্শ আগবঢ়াই । আনহাতে NAAC দলৰ ওচৰত ৰঙিয়া মহাবিদ্যালয় খনক অনাগত দিনত এখন উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় স্তৰলৈ উন্নীত কৰাৰ বাবে দাবী জনায় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমূহে ।
ৰিজাউল হাচান,ৰঙিয়া ।