ৰঙিয়াত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মিত কোটি টকীয়া মথাউৰীত বৰষুণৰ ফলত ব্যাপক খহনীয়া…

ৰঙিয়াত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মিত কোটি টকীয়া মথাউৰীত বৰষুণৰ ফলত ব্যাপক খহনীয়া…

ৰঙিয়াৰ পুঠিমাৰী নৈৰ বগৰীবাৰীত নৱ নিৰ্মিত মথাউৰিত প্ৰৱল খহনীয়া । এই খহনীয়াৰ বাবে মথাউৰি ভঙাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নৈপৰীয়া ৰাইজে । প্ৰায় ৭০ শতাংশ নিৰ্মাণ কৰা মথাউৰিৰ কাম অতি নিম্ন মানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰে । যাৰ বাবে প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে । মথাউৰিৰ খহনীয়াৰ বাবে স্খলিত ভূমিয়ে ইতিমধ্যে কেবাটাও ঘৰ ক্ষতি কৰিছে । এনে খহনীয়াৰ ফলত প্ৰলয়ংকাৰী বান হোৱাৰ আশংকাই দেখা দিছে । বানৰ সৃষ্টি হ’লে ৰঙিয়াৰ লগতে কমলপুৰ আৰু হাজো সমষ্টিৰো বৃহৎ ক্ষতিসাধন হোৱাটো নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে বগৰীবাৰীত ২০২০ বৰ্ষৰ লগতে যোৱা বছৰ মথাউৰি ভাঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল । যাৰ বাবে বৃহত্তৰ ৰঙিয়া অঞ্চলৰ লগতে কমলপুৰ আৰু হাজোৰ একাংশ ঠাইত বলিয়া বানে বিভীষিকাৰ সৃষ্টি কৰিছিল । এইবছৰ পলমকৈ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম চলে যদিও প্ৰায় ৭০ শতাংশ নিৰ্মাণৰ পিছতে প্ৰৱল খহনীয়াৰ সৃষ্টি হয় । মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ লগতে বিজ্ঞানসন্মত নোহোৱাৰ বাবে এনে খহনীয়াৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related