অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।
বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্ন হয় যে সকলো সময়তে মানুহ মৌন হৈ থকা উচিত নেকি ? নে সময় সাপেক্ষে কিছু বিশেষ পৰিস্থিতিত সমসাময়িক উত্তৰ দিয়াৰো প্ৰয়োজন ?
ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গিতাতে এই প্ৰশ্নৰ উত্তৰ দি থৈ গৈছ যে কেতিয়া মানুহক মৌনতাৰ প্ৰয়োজন আৰু কেতিয়া মানুহে প্ৰত্যুত্তৰ দিয়া অত্যন্ত দৰকাৰী ! সকলো সময়তে মানুহে প্ৰত্যুত্তৰ কৰা একেবাৰে আৱশ্যক নহয় অৰ্থাৎ সময় সময় মানুহে মৌনতা অৱলম্বন কৰা দৰকাৰী। সকলো দেখি শুনি আৰু সহি প্ৰত্যুত্তৰ নকৰা প্ৰৱণতাক শাস্ত্ৰত মৌনব্ৰত বুলি মান্যতা দিয়া হয়। শাস্ত্ৰত উল্লেখ আছে যে মানুহে যিমানে নিজৰ বাক সংযম কৰিব পাৰিব সিমানে এই প্ৰকৃতিক জানিব পাৰিব ; জীৱনত শান্তি আৰু সফলতা পাবৰ বাবে এই বাক সংযম অৱশ্যেই দৰকাৰী। বিশেষকৈ কোনো বিষয় বহু চেষ্টাৰ পিছতো যেতিয়া সমাধান নহয় সেই মুহূৰ্তত বাক সংযম আৰু মৌনব্ৰত হৈ পৰে অমূল্য সম্পদ, যাৰ মাধ্যমত আৰু সময়ৰ সোঁতত সেই জটিল সমস্যাৰো সমাধান হৈ পৰে|
কিন্তু কেতিয়াবা যদি প্ৰশ্ন উঠে নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্যৰ ওপৰত , চকুৰ আগত যদি কোনো গুৰুতৰ অন্যায়ৰ প্ৰশ্ন উঠে তেতিয়া মৌনতা পালন কৰি থকাক সংযম কোৱা নহয় , বৰং মূৰ্খতা বুলিহে কোৱা হয়। মহাভাৰতৰ যুদ্ধৰ প্ৰথম অৱস্থাত যেতিয়া অৰ্জুনে নিজৰ পৰিয়াল আৰু আত্মীয়ক যুদ্ধক্ষেত্ৰত দেখিবলৈ পাইছিল তেতিয়া তেওঁ অত্যন্ত হতাশ হৈ পৰিছিল আৰু লগতে যুদ্ধ কৰিবলৈ অস্বীকাৰো কৰিছিল। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবলৈ প্ৰস্তুত কৰিবৰ বাবে গীতাৰ গুৰুত্বপূৰ্ণ কথা বিলাক ব্যক্ত কৰিছিল । আৰু গীতাৰ সেই জ্ঞান অকল মাত্ৰ অৰ্জুনৰ বাবেই যে কাৰ্যকৰী তেনে নহয়, মানৱ জীৱনৰ বাস্তৱ ক্ষেত্ৰ সমূহতো এই গীতা জ্ঞান অত্যন্ত কাৰ্যকৰী। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ সেই অৱস্থা দেখি অৰ্জুনক বুজাইছিল কেতিয়া মৌন হৈ থাকিব লাগে আৰু কেতিয়া নিজৰ প্ৰাপ্য আৰু ন্যায়ৰ বাবে মাত মাতিব লাগে, যুঁজিব লাগে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, ” হে পাৰ্থ, এই সংসাৰত মানুহে একাধিক সংকটৰ সন্মুখীন হবলগীয়া হয়, আৰু তাৰ কাৰণ হৈছে মৌনব্ৰত ; অৰ্থাৎ মানুহে যেতিয়া কথাৰ উচিত উত্তৰ দিব লাগে তেতিয়া মনে মনে বহি থাকে আৰু যেতিয়া ইতিমধ্যে ডাঙৰ ঘটনা ঘটি যায় তেতিয়াহে বহু ধৰণৰ যুক্তি তৰ্ক কৰিবলৈ আৰম্ভণি কৰে”।
ভগৱান শ্ৰীকৃষ্ণৰ কথা অনুসৰি যত পাপ বাঢ়ি গৈছে, যত কোনো কাৰণ অবিহনে সাধাৰণ মানুহ শোষিত হৈছে, যত অপৰাধ আৰু অপৰাধীৰ মাত্ৰা দৈনিক বাঢ়িছে, সেই প্ৰেক্ষাপটত মৌন হৈ থকাটো এক অপৰাধ। অকল সেয়াই নহয় নিজৰ অধিকাৰৰ বাবে, কাৰোবাক ন্যায় দিবলৈ যুক্তিপূৰ্ণ যুক্তিযুক্ততাৰে কথা কোৱা দৰকাৰী। সকলো সময়তে মনে মনে থাকিলে নিজৰ প্ৰাপ্য হেৰাই যায়, বিশেষকৈ যদি কোনো কথা আৰু কোনো প্রশ্নই আপোনাৰ সন্মানত আঘাত কৰে তেনেহলে সেই মুহূৰ্তত মৌন হৈ থকাক আটাইতকৈ মূৰ্খামি বুলি গণ্য কৰা হয়। জীৱন কালত যদি কোনো কথাই নিজৰ আত্মসন্মানত আঘাত কৰে তেনেহলে সেই সময়ত মনে মনে থকা একেবাৰে উচিত নহয়। যেতিয়া আপুনি সত্যৰ পিছত দৌৰিব সেই সময়ত আপুনি মনে মনে থকাটো বা মৌনব্ৰত কৰা একেবাৰে উচিত নহয়। বেয়া আৰু চৰিত্ৰহীন লোকৰ পাপ কৰ্মৰ বিৰুদ্ধে একো নোকোৱাকৈ থাকিলে সেই দুষ্ট প্ৰবৃত্তিৰ লোকে সমৰ্থনহে পাব আৰু তাৰ ফলতে সেই পাপী পুৰুষে নিজকে বেছি শক্তিশালী অনুভৱ কৰিব আৰু তেওঁৰ দ্বাৰা অন্যায়, অত্যাচাৰ দিনে দিনে বাঢ়ি গৈ থাকিব আৰু এদিন তেওঁৰ কুকৰ্ম , কুকৃতিৰ পৰা কোনোৱে বাছি যাব নোৱাৰিব।
মহাভাৰতৰ দ্ৰৌপদী বস্ত্ৰ হৰণ সভাত উপস্থিত ডাঙৰ আৰু বীৰ যোদ্ধা সকলক আজিও নিন্দা কৰা হয় সেইকাৰণে কিয়নো তেওঁলোকে সেই লজ্জাকৰ মুহুৰ্তত মৌন আছিল । আজিৰ সংসাৰত বৰ্তমানে ক্ৰমাগত ভাৱে একেধৰণৰ ঘটনা হৈয়ে আছে ; যিজন আমাৰ তুলনাত অধিক শক্তিশালী তেওঁৰ বিৰুদ্ধে আমি একো কব নোৱাৰো, আৰু যত আমি মৌন হৈ থকা দৰকাৰী সেই ঠাইত আমি অনবৰতে মাত মাতি থাকোঁ।
ইতিহাস সাক্ষী আছে যে এই সংসাৰত বিভিন্ন ধৰণৰ বেয়া ঘটনা অকল মাত্ৰ দুষ্ট শক্তিৰ দ্বাৰাই হোৱা নাই, বৰং একে সময়তে ভাল মানুহ সকলে মৌনতা লোৱাৰ বাবেও সংঘটিত হবলৈ পাইছে । যত যিমান প্ৰয়োজন সিমান খিনিহে মৌনতাৰ প্ৰয়োজন কিন্তু যত সীমা অতিক্ৰম হৈছে তেতিয়া নিজৰ কণ্ঠস্বৰক মাতিবলৈ দিয়া অতি প্ৰয়োজনীয়।
শ্ৰীমদ্ভাগৱত গীতাত পৰিষ্কাৰ কৰি কোৱা হৈছে যে “অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ বুলি বিবেচিত হয়”। সেয়ে যত অন্যায়ৰ প্ৰশ্ন আছে , পাপৰ গোন্ধ আছে , গুৰুতৰ অন্যায়ৰ প্ৰশ্ন আছে তাতে মৌনব্ৰত কৰা কেতিয়াও বুদ্ধিমত্তা আৰু বুদ্ধিমানৰ কাম নহয় বৰং মূৰ্খামি ; আৰু যদিহে তাতে আপুনি নীৰৱতা অৱলম্বন কৰিছে সিয়ে এদিন পতনৰ মূল কাৰণ হৈ পৰিব।
শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায় তৃতীয় শ্লোকত কোৱা হৈছে, ” ভীৰু আৰু কাপুৰুষৰ দ্বাৰা একো লাভ নহয়, পশ্চাদ প্ৰসাৰণৰ দ্বাৰা কোনো বিপদ দূৰ নহয়, সেয়ে ভয় আৰু মোহ ত্যাগ কৰি উত্তৰ দিয়া উচিত “।