কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে !
অপেক্ষাৰ অন্তত বিয়াৰ বাবে ৰাজী হ’ল বলীউডৰ অভিনেতা ছলমান খান।
পিছে ছলমানৰ কইনা কোন আপুনি জানিব বিছৰেনে? বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ‘কাপুৰ পৰিয়াল’ৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰ হ’ব দবং ছলমান খানৰ কইনা।
ছ’ছিয়েল মেডিয়াত পোষ্ট কৰা কেইগৰাকীৰ মতে, বিয়াখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।
সময়ে সময়ে বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ লগত নাম সাঙোৰ খাই আহিছে যদিও, ঐশ্বৰ্য্য ৰায়ৰ লগত ছলমানৰ দীৰ্ঘদিনীয়া সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছৰে পৰা প্ৰেমৰ সম্পৰ্কত বিশ্বাস নকৰা হৈছিল ভাইজানে।
‘কাপুৰ পৰিয়াল’ৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰৰ সৈতে ছলমানৰ বিবাহৰ খবৰে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে। বলীউডৰ আগশাৰীৰ এই পৰিয়াল দুটাইও হেনো এই বিবাহত পূৰ্ণ সমৰ্থন দিছে আৰু অতি শীঘ্ৰেই মুম্বাইতে সম্পন্ন হ’ব তেওঁলোকৰ বিয়া’।
উল্লেখযোগ্য যে ছলমান খান আৰু কৰিশ্মা কাপুৰে এই বিবাহ সন্দৰ্ভত বৰ্তমানলৈ মূখ খোলা নাই। ইফালে, আন একাংশৰ মতে, এই সমগ্ৰ বাতৰিটোয়েই ভুৱা।