বলুকা শিল্পী ৰঞ্জন শইকীয়াই নিৰ্মাণ কৰিলে পূৰ্ৱৰ আমাজন খ্যাত দিহিং পাটকাই অভিনৱ বলুকা আৰু চকমাটিৰ ভাস্কৰ্য

বলুকা শিল্পী ৰঞ্জন শইকীয়াই নিৰ্মাণ কৰিলে পূৰ্ৱৰ আমাজন খ্যাত দিহিং পাটকাই অভিনৱ বলুকা আৰু চকমাটিৰ ভাস্কৰ্য

জামুগুৰিহাট: চন্দন শৰ্মা: লকডাউনৰ মাজতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই স্ব-গৃহতে নিৰ্মাণ কৰিলে প্ৰকৃতিৰ বৈচিত্ৰ্যৰ সাক্ষী তথা পূৰ্ৱৰ আমাজন খ্যাত দিহিং পাটকাই অভয়াৰণ্যক বিষয়বস্তু হিচাবে লৈ এক অভিনৱ বলুকা আৰু চকমাটিৰ ভাস্কৰ্য ৷

দিহিং পাটকাইৰ গভীৰ অৰণ্য, অভয়াৰণ্যখনৰ মাজেৰে বৈ যোৱা নৈ, অশ্ৰুসিক্ত এটা প্ৰকাণ্ড হাতী শিল্পীগৰাকী সৃষ্ট বলুকা ভাস্কৰ্যত দৃষ্টিনন্দনকৈ নিৰ্মাণ কৰি দিহিং পাটকাই বৰ্ষাৰণ্যত জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা যিকোনো ধৰণৰ কাম-কাজৰ বিৰোধিতা কৰিছে ।

এই বলুকা শিল্পৰ যোগেদি সাম্প্ৰতিক সময়ত প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীৰ মনৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে বিষয়টিৰ সঠিক সমাধানো আশা কৰিছে শিল্পী ৰঞ্জনে ৷

মই দিহিং পাটকাই, “The Amazon of the north east” শীৰ্ষক এই বলুকা শিল্পৰ জড়িয়তে অসম গৌৰৱ বৰ্ষাৰণ্যখনক ৰক্ষা কৰিবলৈ চৰকাৰক আহবান জনাইছে ৷

সেইদৰে তেওঁ নিৰ্মিত চকমাটিৰ শিল্পৰ মাধ্যমৰেও একে অনুৰোধ কৰি চৰকাৰে খনন কৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত সৃষ্টি কৰিব বিচাৰিছে জন সচেতনতা ৷

GTM Desk