পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ নগাঁৱৰ কামপুৰৰ এগৰাকী দুৰ্ভগীয়া মহিলাৰ আহ্বান
নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কামপুৰৰ গাৰোখুন্দা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ চকুত চকুলো।এমাহ ধৰি পৰিয়ালটোৱে হাহাকাৰ কৰিব লগা হৈছে । কাৰণ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান ভৃগু কুমাৰ বৰা নামৰ ১৪ বছৰীয়া সন্তানটি কলিজাৰ এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছে । আৰ্থিক অসুবিধাৰ বাবেই দুৰ্ভগীয়া পৰিয়ালটোৱে পুত্ৰৰ উন্নত চিকিৎসা কৰিব পৰা নাই।ঘৰৰ গৰু-ছাগলী বিক্ৰী কৰি চিকিৎসাৰ বাবে টকা খৰচ কৰি অসহায় হৈ পৰিছে পৰিয়ালটো।উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি পুত্ৰৰ চিকিৎসাৰ সহায় বিচাৰি আহ্বান জনাইছে। লগতে কোনো হৃদয়বান লোকে যদি মেধাৱী ছাত্ৰজনৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে মাতৃ জুনু বৰাৰ A/C N0 3759779988
IFSC CODE CBIN0282965 চেন্ট্ৰেল বেংক কামপুৰ কচুৱা শাখাত সাহাৰ্য প্ৰদান কৰিব পাৰিব। অথবা GPAY NO 6300632169 নম্বৰত সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে অসহায় পৰিয়ালটোৱে । লগতে 9954461692নম্বৰত যোগাযোগ কৰিব পাৰিব ।
আপোনাৰ মোৰ অকণমান সঁহাৰিয়ে মেধাৱী ছাত্ৰ জনৰ মুখলৈ হাহিঁ ঘূৰাই আনিবলৈ সক্ষম হ’ব ।
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন