মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। চলিত বৰ্ষৰ মহাশিৱৰাত্ৰি  ১৮ ফেব্ৰুৱাৰী, শনিবাৰে পালন কৰা হ’ব।

এইবাৰ মহা শিৱৰাত্ৰি ১৭ ফেব্ৰুৱাৰীৰ নিশা ৮ বাজি ০২ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪ বাজি ১৮ মিনিটলৈ চলিব। উদয়তিথিৰ মতে, ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ’ব। ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬ বাজি ৫৭ মিনিটৰ পৰা বিয়লি ৩ বজি ৩৩ মিনিটলৈ মহা শিৱৰাত্ৰিৰ ব্ৰতৰ পৰাণ মুহূৰ্ত।

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয়। উক্তদিনা ভক্তসকলে ভগৱান শিৱ আৰু পাৰ্বতীক আৰাধনা কৰে।যাৰ বাবে ভক্তসকলে আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিলিংগ দৰ্শন কৰিবলৈ যায়।

জনমত অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ, পদ্ম পুৰাণ আদিত মহা শিৱৰাত্ৰিৰ বিষয়ে উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।

মহা শিৱৰাত্ৰিৰ দিনটোত যদি  আপুনি মন্দিৰ দৰ্শনৰ সুবিধা লাভ নকৰে, আপুনি ঘৰতে থাকিও পূজা কৰিব পাৰে। ঘৰতে সকলো নিয়ম-নীতি অনুসৰণ কৰি শুভ সময়ত পূজা কৰি শিৱক আৰাধনা কৰিব পাৰে।

GTM Desk

Related