গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….

গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….
guwahati gang rape in temple

গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনাৰ ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া পলাতক হৈ আছে আন দুই অভিযুক্ত। আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত দীপাংকৰ মুখীয়াৰ লগতে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। বৰ্তমানো জালত পৰা নাই ৰবীন দাস আৰু কৃষ্ণ নামৰ আন দুই অভিযুক্ত।

গড়চুকৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত এই নৰাধমৰ দলটোৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী। যুৱতীগৰাকীক দলবদ্ধভাৱে অপকৰ্ম কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল এই পাষণ্ডৰ দলটোৱে। তাৰ পিছত সেই ভিডিঅ’ ভাইৰেল কৰিছিল। ভাইৰেল ভিডিঅ’ৰ ভিত্তিত বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গৰচুক আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে, এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰগৰাকী। নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত ক’ৰ পৰা আহিছিল যুৱতীগৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে। আটক কৰা যুৱক কেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ।

GTM Desk