একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ…

একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ…

ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ । এইবাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ । মৃতদেহৰ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ । এইবাৰ একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ ।

শিৱসাগৰত উদ্ধাৰ হয় মৃতদেহ দুটা । বৃহস্পতিবাৰে পুৱতি নিশা শিৱসাগৰৰ দিচাং মাজগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এহাল যুৱক-যুৱতীৰ মৃতদেহ ।

উল্লেখ্য যে, তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ দুটা উদ্ধাৰ কৰা হয়। মৃতদেহ দুটা ২২ বছৰীয়া পলাশ গগৈ আৰু ১৬ বছৰীয়া লাকী মেচ বুলি চিনাক্ত কৰা হৈছে ।পলাশ গগৈৰ ঘৰ ডিমৌ জীয়ামাৰিত আৰু লাকী মেচৰ ঘৰ ডিমৌ কচাৰী পথাৰত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পলাশ গগৈয়ে কিশোৰী লাকী মেচক পলুৱাই লৈ গৈছিল। কিন্তু বাটতে দুৰ্ঘটনাত পতিত হৈ হয়তো দুয়োয়ে মৃত্যুমুখত পৰিব লগা হ’ল। অৱশ্যে, আৰক্ষীৰ তদন্ত অন্তত হে ঘটনাৰ মূল কাৰণ পোহৰলৈ আহিব।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

GTM Desk

Related