জনতাই বেয়া কাম কৰিলে আৰক্ষীয়েও বেয়া কাম কৰিব লাগিব বুলি কোনো কথা নাই:শিৱামণি বৰা

জনতাই বেয়া কাম কৰিলে আৰক্ষীয়েও বেয়া কাম কৰিব লাগিব বুলি কোনো কথা নাই:শিৱামণি বৰা

আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত কোনো পাৰ্থক্যই নোহোৱা হৈ গ’ল। জনতাই বেয়া কাম কৰিলে আৰক্ষীয়েও বেয়া কাম কৰিব লাগিব বুলি কোনো কথা নাই।’ -বটদ্ৰৱা কাণ্ডৰ পিছতে চলা উচ্ছেদ“ অভিযানক লৈ এই মন্তব্য বিধায়িকা শিৱামণি বৰাৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দেওবাৰে বটদ্ৰৱা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছৰ বিধায়িকাগৰাকীয়ে। বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডটো অতি বেয়া কাম হৈছে বুলি মন্তব্য কৰি বিধায়িকাগৰাকীয়ে সমান্তৰালভাৱে আৰক্ষীকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ কিদৰে মৃত্যু ঘটিব পাৰিলে বুলি প্ৰশ্ন কৰি ইয়াৰ তদন্তৰ দাবী জনায় শিৱামণি বৰাই। লগতে দুস্কৃতিকাৰীয়ে থানা জ্বলাই দিয়াৰ সময়ত আৰক্ষীয়ে কিয় একো নকৰিলে বুলিও প্ৰশ্ন কৰে বিধায়িকাগৰাকীয়ে।

তেওঁ কয় যে দুস্কৃতিকাৰীয়ে থানাত আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, শূন্যলৈ গুলী চলাব পাৰিলেহেঁতেন। অথবা ওচৰৰ থানাৰ পৰা আৰক্ষী বাহিনীক মাতিব পাৰিলেহেঁতেন। কিন্তু আৰক্ষীয়ে সেয়া একো নকৰি কেৱল চাই থাকিল।

GTM Desk

Related