পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

আহোম স্বৰ্গদেউ সকলে নিৰ্মাণ কৰোৱা শিৱসাগৰৰ ঐতিহাসিক দুৱৰণী আলিৰ দুৰৱস্থা।স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে।স্থানীয় বিধায়ক মূর্দাবাদৰ ধ্বনিৰে উত্তাল মেটেকা আমগুৰি গাওঁ।উল্লেখযোগ্য যে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আমগুৰি মেটেকাবাসী ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ হৈছে ঐতিহাসিক দুৱৰণী আলি।কিন্তু বৰ্তমান এই ঐতিহাসিক দুৱৰণী আলি পথৰ অৱস্থা ভয়াৱহ হৈ পৰিছে৷গাঁও খনৰ মাজ অংশটোত পথটো প্ৰায় এশ মিটাৰ দৈৰ্ঘ্য সম্পুৰ্ণৰুপে ধংস প্ৰাপ্ত হৈছে৷ যাৰ বাবে শেহতীয়া বৰষুণত উক্ত বিধস্ত অংশটোত পানী জমা হৈ এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷বৰ্তমান পৰিস্থিতি ইমানেই জটিল হৈ পৰিল যে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড এশ মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী সদৃৰ্শ অংশটো সাধাৰণ পথাচাৰীয়ে অতিক্ৰম কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে৷

 

 

 

ৰাইজে স্থানীয় ঐতিহাসিক দুৱৰণী আলি পথৰ মেৰামতিৰ ক্ষেত্ৰত ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বিধায়ক অখিল গগৈক তীব্র ভাষাৰে সমালোচনা কৰে।পথটোৰ তৎকালে মেৰামতি কৰাৰ দাবীত আজি বিয়লী স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

GTM Desk

Related