Advertisement

অহা ১৪ ফেব্ৰুৱাৰীত ৰাজ্যিক স্তৰৰ যোগ্যতা নিৰূপণ পৰীক্ষা ‘শ্লেট’

অহা ১৪ ফেব্ৰুৱাৰীত ৰাজ্যিক স্তৰৰ যোগ্যতা নিৰূপণ পৰীক্ষা ‘শ্লেট’

ৰাজ্যিক স্তৰৰ যোগ্যতা নিৰূপণ পৰীক্ষা অৰ্থাৎ শ্লেট অহা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

পুৱা ১০ বজাৰ পৰা ১১ বজালৈ প্ৰথম কাকতৰ পৰীক্ষা আৰু চাৰে ১১ বজাৰ পৰা বিয়লি ডেৰ বজালৈ দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত প্ৰায় ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত অধ্যাপনাৰ বাবে অন্যতম অৰ্হতা হিচাপে বিবেচিত এই পৰীক্ষা, মুঠ ২৫ টা বিষয়ত অনুষ্ঠিত হ’ব।

Shahnawaz Hamza