প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা! লম্পট বাবুল টুমুঙ আটক

প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা! লম্পট বাবুল টুমুঙ আটক

সোণাপুৰত সংঘটিত হৈছে এক হৃদয় বিদারক ঘটনা। প্রথমে ধৰ্ষণ তাৰ পিছত হত্যা এগৰাকী ১৬ বছৰীয়া কিশোৰীক । উল্লেখ্য যে ৩০ জুন অর্থাৎ শুকুৰবাৰে সোণাপুৰ পথাৰত ডিগাৰু নৈত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ আৰু তাৰ পিছতেই পোহৰলৈ আহিল এক ভয়ংকৰ ঘটনা। উল্লেখ্য যে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই কিশোৰীগৰাকীৰ পিতৃয়ে শুকুৰবাৰে সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ পৰে সোণাপুৰ আৰক্ষী আৰু এই অভিযোগৰ ভিত্তিত তথা উক্ত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত কিশোৰীগৰাকীৰ মৃত্যুৰ মূল কাৰণ পোহৰলৈ আনিবলৈ সক্ষম হয় সোণাপুৰ আৰক্ষীয়ে। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধেমাইৰ বাবুল টুমুং নামৰ ৩৫ বছৰীয়া লম্পটে প্রথমে ধর্ষণ কৰে কিশোৰী গৰাকীক তাৰ পিছত হত্যা কৰি ডিগাৰু নৈত পেলায় দিয়াৰ কথা স্বীকাৰ কৰে মূল অভিযুক্ত তথা ধৰ্ষণকাৰী লম্পট বাবুল টুমুঙে। যাৰ পৰিপ্ৰেক্ষিতত নিশাৰ ভাগত সোণাপুৰ আৰক্ষীয়ে ২৪ ঘণ্টা নহওঁতেই ধৰ্ষণকাৰীটোক আটক কৰিবলৈ সক্ষম হয় আৰু এই সমস্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে সোণাপুৰ আৰক্ষীয়ে।

GTM Desk