কাইলৈ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু আৰু আজি বিহুৰ উৰুকা। এনে এক পবিত্ৰ ক্ষণত অসমবাসীলৈ ছ’চিয়েল মিডিয়াযোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ছ’চিয়েল মিডিয়াযোগে অসমীয়া ভাষাতে অসমবাসীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়ালৈ ভোগালীৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে। ভোগালীয়ে সকলোৰে জীৱনলৈ সৌভাগ্য আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক