অন্তঃসত্ত্বা অৱস্থাত কিদৰে ল’ব সুৰক্ষা

অন্তঃসত্ত্বা অৱস্থাত কিদৰে ল’ব সুৰক্ষা

কৰোণাত আতংকিত সমগ্ৰ দেশ। দৈনিক সংক্রমণৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িয়ে আছে। এনে পৰিস্থিতিত শিশু, বয়োসস্থ লোকৰ লগতে নতুনকৈ মাক হ’বলৈ ওলোৱা সকলে সুৰক্ষিত হোৱা অত্যন্ত প্রয়োজন। মাতৃ তথা গর্ভস্থ সন্তানৰ স্বাস্থ্যক লৈ সতর্ক হোৱাতো সময়ৰ আহ্বান।
অন্তঃসত্ত্বা অৱস্থাত ক’ভিড আক্রান্ত হ’লে কিবা আশংকা থাকিব পাৰে নেকি?
প্রমাণিত বৈজ্ঞানিক তথ্য নাথাকিলেও কিছুমান মেডিকেল জার্নেলত প্রকাশিত তথ্য মতে, বহু সময়ত প্রত্যাশিত দিনৰ আগতেই সন্তান প্ৰসৱ হ’ব পাৰে। তাৰ উপৰি গর্ভপাত, গর্ভস্থ সন্তানৰ লৰচৰ কমি যোৱা,বা মাকৰ শ্বাস লোৱাত কষ্ট পোৱা সমস্যায়ো দেখা দিব পাৰে।

অন্তঃসত্ত্বা অৱস্থাত কিদৰে ল’ব সুৰক্ষা?

১) বাহিৰৰ পৰা কোনোবা আহিলে এই অৱস্থাত অৱশ্যই মাস্ক পিন্ধি থাকিব।
২) এই পৰিস্থিতিত ঘৰত থকাটোৱে হ’ল সবাতোকৈ নিৰাপদ উপায়। বাহিৰলৈ কমকৈ যোৱাৰ চেষ্টা কৰক।
৩) বাহিৰলৈ গ’লেও ৰাজহুৱা পৰিৱহন এৰাই চলক।
৪) হাঁচি, কাহ, জ্বৰ হোৱা মানুহৰ পৰা আঁতৰি থাকক।
৫) পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি, প্রটিন ইত্যাদি বেছিকৈ খাব।
৬) পর্যাপ্ত টোপনিৰ অত্যন্তঃ প্ৰয়োজন। দিনত অন্ততঃ ৮ ঘণ্টা টোপনি মাৰক।
৭) অযথা চিন্তিত বা আতংকিত নহ’ব। তাৰ পৰিৱর্তে মন ভালে ৰাখিবলৈ ভাল চিনেমা চাওঁক, কিতাপ পঢ়ক, পৰিয়ালৰ আন লোকৰ সৈতে মন খুলি কথা পাঁতক।
৮) ঘৰৰ সৰু-সুৰা কাম এই সময়ত কৰাত কোনো বাধা নাই।
৯) নিয়মিত শৰীৰ চর্চাৰ অভ্যাস ৰাখিব।
১০) নিয়মমতে চেকআপলৈ যোৱাৰ বাহিৰে চিকিৎসকৰ সৈতে বাকী কথা ফোনতে পাতিব। প্রয়োজন বেছি নাথাকিলে ঘনে ক্লিনিকলৈ যোৱা বাদ দিয়ক।
১১) অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ৰক্তচাপ জোখাতো ভীষণ জৰুৰী। দৰকাৰ হলে ঘৰতে এটি ডিজিটেল মেছিন কিনি ল’ব।
১২) ইউএছজি, ৰক্তপৰীক্ষা ইত্যাদি যিবোৰ পেথোলজিলৈ নোযোৱাকৈ অসম্ভৱ, সেইবোৰ সুৰক্ষালৈ মাজে মাজে গৈ কৰিব।

GTM Desk

Related