৫ বিধ খাদ্য শিশুৰ দাঁতৰ ঘোৰ শত্ৰু ! সেয়ে পাহৰি নাযাব।
প্ৰাপ্তবয়স্ক লোক সকলৰ দৰে শিশুৰ দাঁতৰো যত্ন লোৱা অত্যন্ত দৰকাৰী নহ’লে দেখা দিয়ে গুৰুতৰ সমস্যা। সমস্যা সমূহৰ ভিতৰত দাঁতৰ কেভিটি প্ৰধান। তাৰোপৰি দাঁতৰ বিষ, প্লেক, দাঁত ক’লা পৰা , দাঁতৰ গুৰিৰ পৰা তেজ পূজ নিৰ্গত হোৱা আদি নানান সমস্যা দেখা দিব পাৰে আপোনাৰ কণমানিৰ ভালদৰে দাঁতৰ যতন নললে।
দন্তৰোগ বিশেষজ্ঞৰ মতে শিশুয়ে দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ উপৰিও, তেওঁলোকৰ খোৱা খাদ্যৰ ওপৰতো নজৰ দিয়া দৰকাৰী। বহু শিশুয়ে সততে কিছুমান অস্বাস্থ্যকৰ খাদ্য সেৱন কৰি থাকে যিবোৰে শিশুৰ দাঁত যথেষ্ট পৰিমাণে ক্ষতি কৰে। সেই খাদ্য সমূহ হৈছে :-
১) চকলেট বা কেণ্ডি :- নানা ধৰণৰ কেণ্ডি, লজেঞ্চ, চকলেট শিশুয়ে পছন্দ কৰে খাবলৈ, যিবোৰে শিশুৰ দাঁতৰ বাৰ বজাই দিব পাৰে। বিশেষজ্ঞৰ মতে চকলেট আৰু কেণ্ডি খোৱাৰ পিছত দাঁতত লাগি ধৰি থাকে, আৰু সেই ঠাইতে বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ হয়। ইয়াৰ ফলত দাঁতৰ এনামেল নষ্ট হৈ যাব পাৰে। আপোনাৰ শিশুয়ে যদি খুব ইচ্ছা কৰিছে তেন্তে মাজে মাজেহে দিয়ক, সদায় নহয়।
২) ত্বক ফল :- ত্বক ফলসমূহত এচিডৰ মাত্ৰা বহু বেছি থাকে যি শিশুৰ দাঁতৰ পক্ষে ক্ষতিকাৰক হৈ পৰে। মৌচুম্বী, কমলাৰ দৰে ফলৰ ৰস শিশুৰ দাঁতৰ বাবে ক্ষতিকাৰক। দন্তৰোগ বিশেষজ্ঞৰ মতে এই ধৰণৰ ফল শিশুক খুব বেছি খাবলৈ দিব নালাগে আৰু খালে লগে লগে মুখখন ধুই লব লাগে।
৩) পপকৰ্ণ :- এই পপকৰ্ণ সাধাৰণতে স্বাস্থ্যকৰ বুলি জনা যায় কিন্তু এই পপকৰ্ণ আপোনাৰ শিশুৰ দাঁতৰ বাবে একেবাৰে অস্বাস্থ্যকৰ। ই শিশুৰ দাঁত নষ্ট কৰি দিব পাৰে। পপকৰ্ণ খোৱাৰ পিছতো চকলেট আৰু কেণ্ডিৰ দৰে দাঁতত লাগি থাকে আৰু দাঁতৰ ফাঁকত সোমাই থাকে ফলতে সেই লাগি থকা ঠাইত হৈ পৰে বেক্টেৰিয়াৰ সংক্ৰমণ। সেয়ে পপকৰ্ণ খোৱাৰ পিছতে দাঁত ব্ৰাছ কৰা উত্তম।
৪) ড্ৰিংকছ্ :- কাৰ্বনেটেড পানীয় যিকোনো দাঁতৰ বাবে ক্ষতিকাৰক। কাৰ্বনেটেড পানীয় শিশুয়ে পান কৰিলে শিশুৰ দাঁতৰ এনামেল ক্ষয় হয়। যাৰ ফলত দাঁত ভাগি বা ফাটি যাব পাৰে। যদিও কেতিয়াবা শিশুয়ে এই পানীয় গ্ৰহণ কৰে , পান কৰাৰ লগে লগে মুখ ধুই দিয়া দৰকাৰী।
৫) আলু চিপছ্ :- আলু চিপছ্ আৰু অন্যান্য ক্ৰেকাৰত ষ্টাৰ্চ থাকে যি খোৱাৰ কিছু সময়ৰ পিছতে চুগাৰলৈ ৰূপান্তৰ হয়। খোৱাৰ পিছত এই চিপছ্ দাঁতত আৰু দাঁতৰ ফাঁকত সোমাই থাকে আৰু তাতেই বীজাণু সংক্ৰমণ হৈ দাঁতৰ এনামেল বিনষ্ট কৰে। আপোনাৰ শিশু সন্তানে এই চিপছ্ খালে তাক লগে লগে দাঁত ব্ৰাছ কৰিবলৈ দিয়ক