কাকজান মহাবিদ্যালয়ত অসমীয়া নৱবৰ্ষক আদৰা অৰ্থে বিশেষ কাৰ্যসূচী আয়োজন।

কাকজান মহাবিদ্যালয়ত অসমীয়া নৱবৰ্ষক আদৰা অৰ্থে বিশেষ কাৰ্যসূচী আয়োজন।

টীয়কৰ প্ৰতিবেদক ১১ এপ্রিল/২৩


অসমীয়া নৱবৰ্ষক আদৰণি জনাবলৈ পূব যোৰহাটৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিত কোষ আৰু শিক্ষক গোটৰ উদ্যোগত তথা যোৰহাট জিলা সাংবাদিক সন্থা,কাকজান ব্যৱসায়ী সন্থা আৰু কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ সহযোগত দুদিনীয়াকৈ কাকজান মহাবিদ্যালয়ৰ বাকৰিত বসন্ত উৎসৱ-২০২৩ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।আজি প্ৰথম দিনা দিনযোৰা কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত বিশেষভাৱে উপস্থিত থাকি উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে আৰু মহাবিদ্যালয়খনে অসমীয়াৰ আবেগ তথা বাপুতি সাহোন আপোন বিহু তথা নৱবৰ্ষটিক আদৰিবলৈ লোৱা এই পদক্ষেপক আদৰণি জনায়।ইপিনে উক্ত কাৰ্যসূচীৰ পাছতে মহাবিদ্যালয়ৰ বাকৰিতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় মহিলাসকলৰ অংশগ্ৰহণ কৰা বহাগী মেলাৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ ৰূপৰেখা বৰদলৈয়ে আৰু মেলাত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা পিঠা পনাকে ধৰি বিভিন্ন হস্তশিল্পৰ সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে।ইপিনে বৃহত্তৰ টীয়কৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ে অংশগ্ৰহণেৰে আয়োজন কৰা বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকনে।তাৰ পাছতে হুচৰি বিহু,ঢোল বাদনে আদিকৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে উদ্যোক্তাসকলে।

GTM Desk

Related