পুনৰ টীয়কত অৰ্ধনিৰ্মিত চাৰিলেন পথে প্ৰাণ ললে এজনৰ

পুনৰ টীয়কত অৰ্ধনিৰ্মিত চাৰিলেন পথে প্ৰাণ ললে এজনৰ

টীয়কৰ প্ৰতিবেদক ১৮ মে’/২৩

টীয়কৰ জগদুৱাৰত পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দূৰ্ঘটনা হৈছে।টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলংত গাড়ীসহ সোমাই এজন নিহত। দূৰ্ঘটনাত নিহত যুৱক জনৰ নাম ভাষ্কৰ বৰ্মন । নিহত ভাষ্কৰ বৰ্মনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদানৰ ৰেলৱে কলনী পথৰ হাউচ নম্বৰ ১১ । দূৰ্ঘটনাগ্ৰস্ত টয়টা ইত্ৰিয়চ গাড়ী খনৰ নম্বৰ AS-06-P-9587 ।নিহত ভাষ্কৰ বৰ্মন
অ’ এন জি চি ৰ যোৰহাটত কৰ্মৰত আছিল। নিহত ভাষ্কৰ বৰ্মন এগৰাকী ভূ-তত্ববিদ আছিল। নাজিৰা অ’ এন জি চি ক’লনিৰ পৰা যোৰহাটৰ কৰ্মস্থলীলৈ আহি আছিল ভাষ্কৰ বৰ্মন।তেনেতে পথৰ এনে দুৰবস্থা তথা পথ নিৰ্মাণৰ কোনো সাংকেতিক চিহ্ন নথকাৰ ফলত এইদৰে অৰ্ধনিৰ্মিত দলঙত সোমাই প্ৰাণ হেৰুৱালে বৰ্মনে।ইতিমধ্য টীয়ক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।

GTM Desk

Related