ব্রহ্মপুত্র খননঃ ৩১ জানুৱাৰীত আমেৰিকাৰ পৰা আহি আছে ড্রেজাৰ

0 min read

অৱশেষত সপোন সপোন যেন লগা ব্রহ্মপুত্র খনন বাস্তৱ ৰূপ পোৱাৰ দিশে অগ্রসৰ হৈছে৷ ব্রহ্মপুত্র খননৰ বাবে ড্রেজাৰ আহৰণৰ প্রক্রিয়াই ইতিমধ্যে একপ্রকাৰ চূড়ান্ত ৰূপ পাইছে৷ অহা ৩১ জানুৱাৰীৰ ভিতৰত সেই ড্রেজাৰখন আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা সমুদ্র পথেদি প্রেৰণৰ যো–জা কৰিছে৷ আজি সদনত এই কথা প্রকাশ কৰিছে জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই সদনত প্রকাশ কৰা অনুসৰি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা প্রস্তাৱিত ব্রহ্মপুত্রৰ শুধৰণিমূলক খননৰ কাম এতিয়ালৈকে হোৱা নাই যদিও খননৰ বাবে প্রয়োজনীয় ড্রেজাৰ আৰু অন্যান্য যন্ত্রপাতি আহৰণৰ বাবে বর্তমান যো–জা চলি আছে৷ অসম চৰকাৰে ব্রহ্মপুত্র খননৰ সঠিক কৌশল নিৰূপণৰ বাবে ২০১৭ চনৰ ২১ ফেব্রুৱাৰীত ড০ দুলাল চন্দ্র গোস্বামীৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিয়ে৷ বিশেষজ্ঞ কমিটীয়ে সেই বছৰৰে ৩১ আগষ্টত অসম চৰকাৰক দিয়া প্রতিবেদনত প্রয়োজন সাপেক্ষে ঠাইবিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশন কৰি নদীৰ গতিপথৰ সুচলতা বৃদ্ধিৰ বাবে শুধৰণিমূলক খনন ব্যৱস্থা কৰাৰ পোষকতা কৰে৷

ইয়াৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ শুধৰণিমূলক খননৰ উদ্দেশ্যে ২০১৭–১৮ বিত্তীয় বর্ষৰ ৰাজ্যিক দুর্যোগ সাহায্য পুঁজিৰ অধীনত খনন যন্ত্র (ড্রেজাৰ) ক্রয়ৰ বাবে জলসম্পদ বিভাগে ১৮ কোটি টকাৰ আঁচনি এখন লৈ প্রশাসনীয় অনুমোদন লাভ কৰাৰ পাছত আন্তর্জাতিক নিবিদা আহ্বান কৰি ড্রেজাৰ ক্রয়ৰ বাবে ৱর্ক অর্ডাৰ প্রদান কৰে৷ ২০১৯ চনৰ ১৭ আগষ্টত মুঠ ১৩,০৫,৭২,১৮৫ টকা ব্যয়েৰে মেছার্ছ ক্লিনটেক ইনফ্রা প্রাইভেট লিমিটেডক এখন ড্রেজাৰ ক্রয়ৰ কাম প্রদান কৰে৷ এইমর্মে ড্রেজাৰ আহৰণৰ প্রক্রিয়া বর্তমানে চলি আছে আৰু ইতিমধ্যে ১১,৭৫,১৪,০৬৭ টকা মেছার্ছ ক্লিনটেক ইনফ্রা প্রাইভেট লিমিটেডক প্রদান কৰা হৈছে৷ অহা ৩১ জানুৱাৰী তাৰিখৰ ভিতৰত এই ড্রেজাৰখন আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা সমুদ্র পথেদি প্রেৰণৰ যো–জা কৰিছে বুলি কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ তৰফৰ পৰা জানিব পৰা গৈছে বুলি সদনত মন্ত্রী মহন্তই প্রকাশ কৰে৷

ইপিনে বৰাক আৰু কুচিয়াৰা নৈৰ খনন সম্পর্কত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই কয় যে ভাৰতৰ আভ্যন্তৰীণ জল প্রাধিকাৰী কর্তৃপক্ষই বৰাক নদীৰ লক্ষীপুৰৰ পৰা ভাংগালৈকে ১২১ কিলোমিটাৰ অংশ ৰাষ্ট্রীয় জলপথ–১৬ হিচাপে চিহ্ণিত কৰে৷ ইয়াৰে ৭০ কিলোমিটাৰৰ অংশ উন্নীতকৰণৰ বাবে গ্রহণ কৰি ৫১ কিলোমিটাৰৰ পৰা ৭৩ কিলোমিটাৰ পর্যন্ত এ, ৭৩ কিলোমিটাৰৰ পৰা ৯৫ কিলোমিটাৰ পর্যন্ত বি আৰু ৯৫ কিলোমিটাৰৰ পৰা ১২১ কিলোমিটাৰ পর্যন্ত চি উপ–ংশ হিচাপে ভাগ কৰে৷ বি আৰু চি অংশ দুটাৰ মুঠ ৪৮ কিলোমিটাৰ অংশত খননকার্য আৰম্ভ কৰা হয় যদিও পৰৱর্তী পর্যায়ত এই অংশটো চিৰ ২৬ কিলোমিটাৰ অংশ পর্যন্ত সংকুচিত কৰা হয়৷ মন্ত্রীৰ এই উত্তৰৰ বিপৰীতে বিধায়ক পুৰকায়স্থই বৰাক নদী খননৰ নামত ভয়ংকৰ দুর্নীতি হোৱাৰ অভিযোগ কৰি কয় যে সামান্য মাত্র খননকার্য চলায়েই ৭০ শতাংশ পুঁজি আত্মসাৎ কৰা হৈছে৷ সেয়ে তেওঁ এই খনন সম্পর্কত এক তদন্তৰ দাবী কৰে৷ ইয়াৰ উত্তৰত মন্ত্রী মহন্তই কয় যে এই খননৰ কাম ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণ কর্তৃপক্ষইহে কৰিছে৷ সেয়ে বিধায়কগৰাকীয়ে খননৰ নামত হোৱা ভয়ংকৰ দুর্নীতিৰ বিষয়টো সদনৰ জৰিয়তে পৰিবহণ মন্ত্রীৰ দৃষ্টিগোচৰ কৰে৷

You May Also Like

More From Author