বিমানসেৱিকাৰ অন্তৰ্বাসৰ ফটো আৰু ভিডিঅ’ তুলি বিপদত বৃদ্ধ যাত্ৰী

1 min read

বিমানত যাত্ৰীৰ অভব্য আচৰণ। বিমান পৰিচাৰিকাৰ ফটো আৰু ভিডিঅʼ লৈ বিপদত পৰিল এগৰাকী বৃদ্ধ যাত্ৰী। সমগ্ৰ ঘটনাটো কেমেৰাত ধৰিলে এগৰাকী vlogger-এ। দিল্লীৰ পৰা মুম্বাইলৈ যোৱা স্পাইচজেটৰ বিমানত এই ঘটনা সংঘটিত হোৱা বুলিও তেওঁ কয়।

এজন বৃদ্ধক অত্যাৱশ্যকীয় সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছিল এগৰাকী বিমান পৰিচাৰিকা। তেতিয়াই মানুহজনে তেওঁৰ স্কাৰ্টৰ তলত কেমেৰাটো দি চিত্ৰগ্ৰহণ আৰম্ভ কৰে। এই কথা প্ৰথমে লক্ষ্য কৰা নাছিল বিমান পৰিচাৰিকাগৰাকীয়ে। ভ্লগাৰগৰাকীয়ে তেওঁক কয় যে যাত্ৰীজনে তেওঁৰ আপত্তিজনক ভিডিঅʼ লৈছে। বিমান পৰিচাৰিকাগৰাকীয়ে কয় যে বৃদ্ধজনে তেওঁৰ ভৰিৰ মাজত ফটো তুলিবলৈ চেষ্টা কৰা বুলি সন্দেহ কৰে।

অৱশ্যে সন্দেহ দূৰ কৰিবলৈ ব্যক্তিজনৰ মোবাইল তালাচী কৰা হয়। তাতেই বিমান পৰিচাৰিকাগৰাকীৰ ভৰি আৰু অন্তৰ্বাসৰ ফটো আৰু ভিডিঅ’ পোৱা যায়। অপৰাধ ধৰা পৰাৰ লগে লগে যাত্ৰীজনে ফোনটোৰ পৰা ছবিবোৰ ডিলিট কৰি দিয়ে। লগতে তেওঁৰ এই কাৰ্য্যৰ বাবে লিখিতভাৱে ক্ষমা বিচাৰে। অৱশ্যে এই ভিডিঅʼটো ৰাজহুৱা কৰি অভিযুক্তৰ পৰিচয় উদঙাই দিয়ে মহিলা ভ্লগাৰগৰাকীয়ে।

You May Also Like

More From Author