মুখ্যমন্ত্ৰীৰ পথ দুৰ্ঘটনাৰ সজাগতাৰ নিৰ্দেশৰ পিছতেই তৎপৰ যোৰহাটৰ DC আৰু SP/NHIDCL…

1 min read

মুখ্যমন্ত্ৰীৰ পথ দুৰ্ঘটনাৰ সজাগতাৰ নিৰ্দেশৰ পিছতেই তৎপৰ যোৰহাটৰ DC আৰু SP/NHIDCL ৰ বিষয়াক লগত লৈ নিৰ্মিয়মাণ চাৰিলেনযুক্ত টীয়কৰ ঘাইপথত বুজ ললে কামৰ খাতিয়ান ।

টীয়কৰ প্ৰতিবেদক ২৮ জুন /২৩

 

মুখ্যমন্ত্ৰীৰ পথ সজাগতা আৰু দুৰ্ঘটনা প্ৰতিৰোধ ভিডিঅ কনফাৰেন্সৰ পাছতেই তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন৷আজি NHIDCL ৰ বিষয়াক লগত লৈ নিৰ্মিয়মাণ চাৰিলেনযুক্ত ঘাইপথ আৰু সাম্ভাৱ্য দুৰ্ঘটনা সংঘটিত হ’বপৰা এলেকাসমূহ পৰিদৰ্শন কৰে দুয়ো জিলাৰ মুৰব্বীয়ে লগতে অতি ক্ষীপ্ৰতৰভাৱে কামসমূহ সম্পন্ন কৰিবলৈ NHIDCL ৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে৷ইপিনে দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰতো পথ
নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই জনসাধাৰণক৷উল্লেখ্য যে সুদীৰ্ঘ ১০ বছৰ নিৰ্মাণকাৰ্য চলি থকা অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে পথ চোৱা ঠায়ে ঠায়ে বিধস্ত আৰু ভালেকেইটা সৰু বৰ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু ইতিমধ্যে ঘুণীয়া হোৱাৰ নজিৰ আছে৷সেয়ে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাই পথত মটৰচাইকেল অথবা গাড়ী চলাওতে প্ৰতিজন চালক তথা আৰোহীক যান বাহন আৰক্ষীৰ নিৰ্ধাৰিত নীতি নিয়মৰ অৱলম্বন কৰাৰ লগতে সকলোকে সজাগ হবলৈ আহ্বান জনায়।

You May Also Like

More From Author