ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

1 min read

যোৱা ৮ ছেপ্টেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা মাজুলী নিমাতিঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Majuli boat tragedy) মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ লোকজনে । ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ পাছতে তেওঁৰ ঘৰখনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল । কিন্তু আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক চৰকাৰে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে |

 

উল্লেখ্য যে নাও দুৰ্ঘটনাটোত আন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ । তাৰ পাছতে ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত আনন্দিত হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰা । মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰূপৰেখা সেনাপতি বৰাই । ইফালে নিমাতি-মাজুলী দলং সম্পূৰ্ণ হ’লেহে তেওঁৰ স্বামীৰ আত্মাই শান্তি পাব বুলিও উল্লেখ কৰে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীয়ে । আনহাতে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে ইন্দ্ৰেশ্বৰ বৰাৰ পিতৃয়েও মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

You May Also Like

More From Author