আচৰিত! মাত্ৰ ১ মিনিটতে স্মাৰ্টফোনে আপোনাক দিব পাৰে ব্যক্তিজনৰ সকলো গোপনীয় তথ্য

আচৰিত! মাত্ৰ ১ মিনিটতে স্মাৰ্টফোনে আপোনাক দিব পাৰে ব্যক্তিজনৰ সকলো গোপনীয় তথ্য
Beautiful girl holding her phone and smiling

মাত্ৰ এটা মিনিটতে স্মাৰ্টফোন ব্যৱহাৰ কৰা ব্যক্তিজনৰ বিষয়ে বহু ব্যক্তিগত তথ্য দিব পাৰে। আনকি ব্যৱহাৰকাৰীৰ বয়স বা লিংগৰ তথ্যও দিব পাৰে। আমেৰিকাৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ এজন গৱেষকে এই কথা দাবী কৰিছে। হয়, কাহিনী যেন লাগিলেও এয়াই বাস্তৱিক।

 আজিকালি প্ৰায় সকলো স্মাৰ্টফোনতে বিভিন্ন ধৰণৰ চেন্সৰ থাকে। চেন্সৰে ফোন ব্যৱহাৰকাৰীৰ বিষয়ে তথ্য অবিৰতভাৱে সংগ্ৰহ কৰে। সেই তথ্য বিশ্লেষণ কৰি ফোন ব্যৱহাৰকাৰীৰ একাধিক তথ্য দিব পাৰে।

বেছিভাগ জনপ্ৰিয় স্মাৰ্টফোনত ‘এক্সেলেৰ’মিটাৰ’, ‘মেগনেট’মিটাৰ’ আৰু ‘জাইৰ’স্কোপ’ৰ দৰে কেইবাটাও চেন্সৰ থাকে। এই চেন্সৰবোৰে ব্যৱহাৰকাৰীৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰে। ‘মেচিন লাৰ্নিং এলগৰিডম’ নামৰ পদ্ধতিৰে সেই তথ্য বিশ্লেষণ কৰি স্মাৰ্টফোনটোৱে বিভিন্ন কথা বুজিব পাৰে। লক্ষ্য কৰিলে দেখা যাব যে এপটোৱে ফোনত বিভিন্ন এপ ইনষ্টল কৰিবলৈ কিছু অনুমতি বিচাৰে। এই অনুমতি পোৱাৰ পাছৰে পৰা এপসমূহে বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

 এই সন্দৰ্ভত অধ্যয়নৰ বাবে মুঠ ২৯জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল। গৱেষণা পত্ৰখনত দাবী কৰা হৈছে যে ব্যৱহাৰকাৰীজন সোঁহাতৰ হওক বা বাওঁহাতৰ হওক বা তেওঁ শুই থাকিলেও বা বহি থাকিলেও যিকোনো ইণ্টাৰনেট মাধ্যমেৰে এই সকলোবোৰ তথ্য স্মাৰ্টফোনটোৰ চেন্সৰে আবদ্ধ কৰি ৰাখে। বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে এই তথ্য সংগ্ৰহ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এনে তথ্য ৰাজহুৱা হ’লে সংশ্লিষ্ট ব্যক্তিজনৰ গোপনীয়তা ভংগ হ’ব পাৰে বুলি গৱেষকগৰাকীয়ে প্ৰকাশ কৰিছে।

GTM Desk

Related