USA:কোৰোনা ভেকচিন ল’লে ৰাষ্ট্ৰপতিয়ে

USA:কোৰোনা ভেকচিন ল’লে ৰাষ্ট্ৰপতিয়ে

আজি মই কোৰোনাৰ ভেকচিন ল’লো। এই মহান কামৰ সৈতে জড়িত বৈজ্ঞানিক আৰু গৱেষকসকলক এইচেগতে ধন্যবাদ আৰু আশেষ কৃতজ্ঞতা, এয়া হৈছে তেওঁলোকৰ কষ্ট আৰু একাগ্ৰতাৰ ফচল। – কোৰোনাৰ ভেকচিন গ্ৰহণ কৰি টুইটাৰত এইদৰে লিখিলে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে।

উল্লেখ্য যে, যোৱা সোমবাৰে জ বাইডেনে কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ দৃশ্য আমেৰিকাৰ টেলিভিশ্বনত পোনপতীয়া সম্প্ৰচাৰ কৰা হৈছিল। সাধাৰণ লোকৰ মনৰ পৰা যাতে ভেকচিনক লৈ থকা শংকা দুৰ হয় তাৰবাবেই মাৰ্কিন চৰকাৰে গ্ৰহণ কৰিছিল এই পদক্ষেপ।

GTM Desk