Viral Video: দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ‘শিখ ​​হেলমেট’ ডিজাইন কৰিলে মাতৃয়ে, চাওক ভিডিঅ’

Viral Video: দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ‘শিখ ​​হেলমেট’ ডিজাইন কৰিলে মাতৃয়ে, চাওক ভিডিঅ’

পথত বাইক চলাওঁতে আপোনাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হেলমেট পিন্ধাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বেছিভাগ দুৰ্ঘটনাতে মূৰত আঘাত পোৱাৰ বাবে মানুহৰ মৃত্যু হয়, এনে পৰিস্থিতিত পথত যাত্ৰাৰ সময়ত কেৱল হেলমেটেহে দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰে। বৰ্তমান শিখ সমাজৰ লোকসকলে পাগুৰি পিন্ধাৰ বাবে হেলমেট ব্যৱহাৰ কৰিব পৰা নাই। যাৰবাবে কেতিয়াবা যাত্ৰা কৰোতে দুৰ্ঘটনাত পতিত হলে তেওঁলোকৰ সমস্যা গুৰুত্বৰ হোৱা দেখা যায়।

শেহতীয়াকৈ কানাডাৰ এগৰাকী মহিলাই শিখ হেলমেটৰ বাবে শিৰোনাম লাভ কৰিছে। আছসতে তেওঁক নিজৰ সন্তানৰ বাবে পাগুৰি ফিট হেলমেট ডিজাইন কৰা দেখা গ’ল। আচলতে কানাডাত বাস কৰা শিখ মহিলা টিনা সিঙে যেতিয়া সন্তানৰ বাবে পাগুৰি ফিট হ’ব পৰা হেলমেট বিচাৰি নাপালে, তেতিয়া তেওঁ নিজেই হেলমেট বনোৱাৰ কথা ভাবিলে।

মন কৰিবলগীয়া যে টিনা সিং পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ ‘শিখ ​​হেলমেট’ নামৰ ৱেবছাইট এটাও চলাই আছে। যাৰ বাবেই তেওঁ শিখ সম্প্ৰদায়ক হেলমেট ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰে। শিখ হেলমেটটো তেওঁৰ ইনষ্টাগ্ৰাম পেজতো চাব পাৰিব। সম্প্ৰতি ছচিয়েল মিডিয়াত টিনা সিঙৰ শিখ হেলমেটৰ প্ৰশংসা লাভ কৰিছে।

ছচিয়েল মিডিয়াত দেখা গৈছে শিখ হেলমেটৰ বহু ভিডিঅ’ আৰু ছবি। ইয়াক দেখি ব্যৱহাৰকাৰীসকলে ইয়াক ব্যৱহাৰ কৰাৰ কথা কোৱা আৰু দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ কোৱা দেখা যায়। বৰ্তমান সময়ত টিনা সিঙৰ এই পদক্ষেপ সফল হোৱা যেন লাগে। প্ৰশংসা কৰাৰ লগতে একাংশ ব্যৱহাৰকাৰীয়ে শিখ হেলমেটক প্ৰশংসনীয় কাম বুলি অভিহিত কৰিছে।

 

GTM Desk

Related