Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

নোনাই সংৰক্ষিত বনাঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বন্যপ্ৰাণীৰ উপযোগী হোৱাকৈ ৫০০০ গছপুলি ৰোপণ| অনুস্থানত উপস্থিত বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তী আৰু কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱা |

মানুহৰ বাবে উপযোগী হোৱা গছ-পছনি ৰোপন নহয়, বন্যপ্ৰাণী বোৰৰ উপযোগী হোৱা গছপুলি ৰোপন কৰিবলৈ আহ্বান বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ | আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দ্বাৰা নোনাই সংৰক্ষিত বনাঞ্চলত বৃক্ষৰোপন ৰূপন কাৰ্যসূচী গ্ৰহণ কৰে। অধ্যক্ষ গৰাকীয়ে পাচঁ হাজাৰ গছৰ পুলি,যিসমূহ গছে জন্তু বোৰক উপকৃত কৰিব সেইসমূহ গছ ৰোপনৰ পদক্ষেপ লয় । বিশেষকৈ উত্তৰাঞ্চল দৈনিক হাতী মানুহৰ সংঘাত হয় থকাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়াই ।বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজ সমষ্টিৰ নোনাই সংৰক্ষিত বনাঞ্চলত ভিন্ন ভিন্ন প্ৰজাতিৰ ফল মূলৰ গছপুলি ৰূপন কৰি পানেৰী সমষ্টিৰ হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ্ৰাস পাব বুলি কোৱাৰ লগতে সকলো লোককে ফল মূলৰ গছপুলি ৰোপন কৰি বন্যপ্ৰাণী জীয়াই থকাত ৰাইজক গছপুলি ৰোপন কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ আহ্বান জনায় | আজিৰ বৃক্ষৰোপণ কাৰ্যসূচীত বিধান সভাৰ অধ্যক্ষ গৰাকীক সংগ দিয়ে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তী, দিগন্ত বৰুৱাকে ধৰি ওদালগুৰিৰ বন বিষয়া আৰু প্ৰকৃতি প্ৰেমি ৰাইজে |

GTM Desk

Related