আনহাতে ৰাজ্যৰ ১১,২০৬গৰাকী শিক্ষকলৈও সু-খবৰ। এই শিক্ষসকলে লাভ কৰিছিল এটা মাননি। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই শিক্ষকসকলেও ১জুনৰ পৰা চৰকাৰী কৰ্মচাৰীৰ সমানে লাভ কৰিব দৰমহা। ৬০ বছৰলৈ বৃদ্ধি শিক্ষকসকলৰ কাৰ্যকাল। বেংকৰ পৰা লোণ ল’বলৈও কোনো অসুবিধা নাপাব শিক্ষকসকলে।
হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষাসকলেও পাব নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা। চৰকাৰী শিক্ষকৰ সমানেই পাব সকলো সুবিধা। আন কৰ্মচাৰীয়ে যেনেকৈ কোষাগাৰৰ পৰা দৰমহা পায় ঠিক তেনেদৰেই এই শিক্ষকলকে কোষাগাৰৰ পৰা পাব দৰমহা।
কোনো শিক্ষকৰ পৰিয়ালৰ কোনো লোক ৰোগত আক্ৰান্ত হ’লে বছৰি ৫লাখ টকালৈ পাব মেডিকেলৰ সুবিধা। সংবাদমেলত এই ঘোষণা কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।