অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী ডুমেৰগুৰীত আজি অশোকাষ্টমী উপলক্ষে আই নৈত স্নান কৰিবলৈ গৈ ঘূৰি নাহিল সন্দীৱ সৰকাৰ ।

ছাত্ৰ জনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ তথ্য অনুসৰি বিগত বহু বছৰ ধৰি অভয়াপুৰীৰ নিকটবৰ্ত্তী ডুমেৰগুৰীত স্থানীয় একাংশ লোকে আই নৈৰ পাৰত অশোকাষ্টমী মেলা অনুষ্ঠিত কৰি আহিছে ৷

সেইমৰ্মে আজি অশোকাষ্টমী উপলক্ষে পুৱাৰ পৰাই ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ ভক্তৰ পূজা-পাৰ্বণৰ পাছতেই নৈত স্নান কৰিবলৈ যোৱা ছাত্ৰ এজন সন্ধানহীন হোৱাত উৎসৱস্থলীত হুৱাদুৱা লাগে।

বহু সময় ধৰি বিচাৰ-খোচাৰৰ অন্তত প্ৰায় তিনি চাৰি ঘণ্টাৰ পাছত সন্ধানহীন ছাত্ৰজনৰ মৃতদেহ নৈখনৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ সন্দীৱ সৰকাৰৰ ঘৰ লেংটিছিঙা নিকটবৰ্ত্তী জানেৰমুখত ।

GTM Desk

Related